08/23/2019 - 15:35
in
চামগুৰিঃ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে অসমৰ বিভিন্ন সত্ৰ নামঘৰত আজি ওখল মাখল পৰিবেশ। ভক্তি ৰসৰ নিজৰা বোৱাই পুৱাৰ পৰাই খোল প্ৰসঙ্গ, নামৰ ধ্বনিৰে গুৰু সেৱাত ব্ৰতী হৈছে ভক্তপ্ৰাণ ৰাইজ। চামগুৰিৰ ৰূপহীহাটতো আজি বিশ্ব হিন্দু পৰিষদ, ৰূপহী প্ৰখণ্ড আৰু বৃহত্তৰ ৰূপহী সনাতন ধৰ্ম সংস্কৃতি সংৰক্ষণ সমাজৰ ব্যৱস্থাপনাত দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰা হয় শ্ৰীকৃষ্ণ জন্মাষ্টমী।
পূৱা পূজা অৰ্চনা কৰাৰ পিছত আটক ধূনীয়াকৈ আয়োজন কৰে শুভাযাত্ৰা ভাগ। যুৱ নেতা প্রানজিৎত বৰা লগতে ৰূপহীহাট আৰক্ষী ভাৰপ্রাপ্ত কল্লায়ন কুমাৰ গগৈয়েও অংশ লয়। ৰূপহী তিনিআলিৰ পৰা ভকত গাওঁ হৈ ৰূপহী পূজা বাড়ীলৈ যোৱা শুভাযাত্ৰাৰ দলটোত প্ৰায়পাচঁ শতাধিক লোকে অংশগ্ৰহণ কৰে।