প্ৰকাশিত বাতৰি সন্দৰ্ভত স্পষ্টীকৰণ

 08/23/2019 - 15:35

যোৱা ২৫ জুলাইত মোৰ বিৰুদ্ধে প্ৰতিবিম্ব লাইভ নামৰ ৱেব মিডিয়াত এটা বাতৰি প্ৰকাশ পায়৷ বাতৰিটোত মোৰ ফটো প্ৰকাশ পোৱাত মই মানসিক ভাৰসাম্য হেৰুৱাই বিভিন্ন ধৰণৰ কটু মন্তব্যৰে প্ৰতিবিম্ব লাইভৰ লগতে সাংবাদিক বেল্লাল হোছেইনৰ বিৰুদ্ধেও কিছুমান আপত্তিজনক মন্তব্য দিছিলো। কেৱল ইমানেই নহয় উল্লিখিত বাতৰিৰ গইনা লৈ বিলাসীপাৰা পূব বিধান সভা সমষ্টিৰ বিধায়ক মাননীয় অশোক কুমাৰ সিংহীৰ বিৰুদ্ধেও বহু বিতৰ্কিত তথা ভিত্তিহীন মন্তব্য প্ৰকাশ কৰিছিলো৷

এই খিনিতে মই স্পষ্টীকৰণ মৰ্মে ক’ব বিচাৰো যে উক্ত বাতৰিৰ গইনা লৈ মোক ভুল পৰামৰ্শ দি ভুলপথে পৰিচালিত কৰাৰ বাবে এটা দুষ্টচক্ৰই উঠি পৰি লগাত মই হিতাহিত জ্ঞান হেৰুৱাই এনে কিছুমান আপত্তিজনক মন্তব্য দিছিলো৷ মোক ফুটবল সজাই খেলিবৰ বাবে কু-চক্ৰান্ত কৰি একাংশ সতীৰ্থই মোৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰৰ আশ্ৰয় লৈছিল৷ যাৰ বাবে বিভিন্নজনৰ ষড়যন্ত্ৰত মোৰ মস্তিস্কই কাম নকৰা হৈ পৰে৷ যিয়ে যি কয় তাকে সঁচা ভাবি এনে এটা পৰ্যায় আহি পৰিছিল মোৰ ক্ষেত্ৰত৷

সেয়ে মই একাংশ অসাধু লোকৰ যড়যন্ত্ৰমূলক বুদ্ধিত বাতৰিটোৰ বিৰুদ্ধে মন্তব্য কৰোতে বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক অশোক সিংহীৰ নাম সাঙুৰ কৰি ভুল মন্তব্য দাঙি ধৰিছিলো৷ সেয়া সংবিধান পৰিপন্থী৷ বিধায়কগৰাকীৰ বিৰুদ্ধে নাম সাঙুৰি দোষাৰোপ কৰাৰ বাবে মোৰ ভুল হৈছে৷ এক কথাত ক’বলৈ গ’লে মই প্ৰতিবিম্ব লাইভৰ দৰে বিধায়ক অশোক কুমাৰ সিংহী আৰু তেওঁৰ পৰিয়ালৰ ওচৰত ক্ষমাপ্ৰাৰ্থী, তেওঁলোকে যাতে মোৰ সন্দেহজনক ভুল ব্যাখ্যাটোক মনত নধৰি ক্ষমা কৰে৷

আনহাতে ফেচবুকপ্ৰেমী ৰাইজকো উক্ত ভুলৰ মাৰ্জনীয় বিচাৰিছো৷ অসাধু চক্ৰই মোক লৈ ষড়যন্ত্ৰ কৰাৰ বাবে আৰু মোৰ কমেণ্টত এজন গণ্য মান্য ব্যক্তিয়ে আঘাত পোৱাটো মোৰ অনুভৱ হৈছে। ইয়াৰ কোনো বৰ্তমানে ভাষা নাই, মই নিজেই দুখিতঃ৷ গতিকে অজ্ঞান অৱস্থাত কেনেবাকৈ মই কি ভুল মন্তব্য কৰিছিলো বৰ্তমান মই বুজি পাই অনুসূচনা কৰি ক্ষমাপ্ৰাৰ্থী৷

ইতি

হাফিজুৰ ৰহমান, আশাৰীকান্দী, গৌৰীপুৰ

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।