08/23/2019 - 16:02
in
মৰিয়নীঃ মৰিয়নীত ড° ভূপেন হাজৰিকাক চৰম অপমান৷ মৰিয়নীৰ জংচনৰ সন্মুখত থকা এজোপা বৃহৎ গছত মানসিক বিকাৰগ্ৰস্ত লোকে লগালে সুধাকণ্ঠৰ ফলক৷ মৰিয়নীৰ কোনো ঠাইৰ অনুষ্ঠানত আয়োজনৰ পাছত এলাগীকৈ পেলাই থোৱা অৱস্থাত এখন সুধাকণ্ঠৰ ফটো মৰিয়নীৰ জংচনত থকা এজন মানসিক বিকাৰগ্ৰস্ত লোকে ফলকখন বুটলি আনি জংচনৰ সন্মুখত থকা গছত আঁৰে৷
ফলকখন যি ঠাইত লগালে তাতে সুৰাৰ বটল, জাৱৰ পেলাই ৰাখিছে একাংশই৷ এই সকলো দেখাৰ পাছতো সময় নহ’ল ৰেল আৰক্ষী তথা জি আৰ পি এফৰ জোৱান আগবাঢ়ি আহি ফলকখন উক্ত ঠাই পৰা আঁতৰ কৰিবলৈ৷ লগতে অনুষ্ঠান আয়োজন কৰাৰ বাবে বহু সৰু ডাঙৰ ব্যৱসায়ীৰ পৰা অৰ্থ সংগ্ৰহ কৰাৰ বাহিৰে যে অনুষ্ঠানৰ প্ৰতি কাৰ কিমান দায়িত্ব থাকে ইয়াতে প্ৰতিফলিত হ’ল৷ যিকোনো অনুষ্ঠানৰ আৰম্ভণিতে সুধাকণ্ঠৰ ফটোৰ আগত বন্তি প্ৰজ্বলণ কৰাতো কেৱ্ল ভেঁকোভাওনা৷