লিবাৰেল ডেম'ক্ৰেটিক দলত যোগদান চিন্ময়ী বৰদলৈৰ

 04/02/2019 - 17:39

গুৱাহাটী: সততে উত্থাপন হৈ থকা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহে অসমক মাহী আইৰ দৃষ্টিৰে চোৱা অভিযোগটো পুনৰ উত্থাপন কৰি আজি দিছপুৰ প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদ মেলৰ জৰিয়তে এলডিপিত যোগদান কৰে অসমৰ এগৰাকী সম্ভাৱনাপূৰ্ণ যুৱনেত্ৰী চিন্ময়ী বৰদলৈয়ে।

 কণ্ঠশিল্পী, কবি তথা ওকালতি বৃত্তিত জড়িত বৰদলৈয়ে ২০০৩ চনতে কংগ্ৰেছত যোগদান কৰিছিল। বিভিন্ন দলীয় কাৰ্য্যসূচীত নেতৃত্ব দি প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰাৰ পিছতো দলে তেওঁক কোনোদিন প্ৰাপ্য মৰ্যদা প্ৰদান কৰা নাই বুলি তেওঁ অভিযোগ কৰে।

যিহেতু তেওঁ প্ৰয়াত গোপীনাথ বৰদলৈৰ নাতি বোৱাৰী, তেওঁ বৰদলৈৰ অনুপ্ৰেৰণাৰে কাম কৰি বৰ অসমৰ সপোন দেখিছে। সেই সুযোগ তেওঁ এলডিপি দলতেই পাব বুলি আশা প্ৰকাশ কৰে। অনাগত দিনত পূৱ গুৱাহাটী সমষ্টিৰ পৰা বিধানসভাত প্ৰতিদ্বন্দ্বিতা কৰিব বুলিও তেওঁ সাংবাদিকক জানিবলৈ দিয়ে।

আনহাতে, এই সংবাদ মেলতেই এলডিপি তথা সহযোগী দলে ৫টা সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।