তিতাবৰত বাট পথৰ বিধ্বস্ত ৰূপ

 08/23/2019 - 17:36

তিতাবৰঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ গৃহ সমষ্টি তিতাবৰত এতিয়া বাট পথে লৈছে বিধ্বস্ত ৰূপ। অসম নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চল বান্দৰচলিয়া-তিতাবৰ সংযোগী এই এই জৰাজীৰ্ণ পথটোৱে লৈছে ভয়াবহ ৰূপ। পথটোত দেখিবলৈ পোৱা গৈছে পুখুৰী সদৃশ গাঁত।

এই পথটোৰে দৈনিক অহা যোৱা কৰে বান্দৰচলিয়া অঞ্চলৰ কেইবাখনো গাঁৱৰ লোক আৰু বিদ্যালয় ছাত্ৰ-ছাত্ৰী। যাতায়াতৰ নামত নৰক যন্ত্ৰণা ভুগিব লগীয়া হৈছে এইসকল লোকে। উল্লেখ্য যে অসম চৰকাৰৰ গড়কাপ্টানি বিভাগটোৱেও সৰ্বসাধাৰণ ৰাইজৰ সমস্যাক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে। যাৰ ফলত ভুক্তভোগী জনতাই চৰকাৰ প্ৰতি তীব্ৰ ক্ষোভ উজাৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.