বটদ্ৰৱাঃ নগাঁও জিলা যুৱ নদুৱাতুত্তামীৰৰ প্ৰস্তাৱিত কৰ্মী সন্মিলন ২৫ আগষ্টৰ পৰিৱৰ্তে অহা ১৫ ছেপ্টেম্বৰত দিনযোৰা কাৰ্যসূচীৰে চিলঙণীত অনুষ্ঠিত হ'ব বুলি অভ্যৰ্থনা সমিতিৰ সম্পাদক মৌলানা মোস্তাফা কামালে এক বিবৃতিৰ জৰিয়তে জানিবলৈ দিছে। পূৰ্বৰ নিৰ্ধাৰিত কাৰ্যক্ৰমনিকাৰ আধাৰত অনুষ্ঠিত হ’বলগীয়া কৰ্মী সন্মিলনত পুৱা আঠ বজাৰ পৰা সন্ধিয়া আঠ বজালৈ বিভিন্ন প্ৰকাৰৰ প্ৰতিযোগিতামূলক অনুষ্ঠানৰ লগতে সম্বৰ্ধনা জ্ঞাপন, বঁটা প্ৰদান, আলোচনা চক্ৰ আৰু মুকলি সভা অনুষ্ঠিত হ'ব।
চবাহী মক্তৱৰ প্ৰশিক্ষণ প্ৰাপ্ত কেইবা শ শিক্ষকক উক্ত দিনা নগাঁও জিলা যুৱ নদুৱা ও পৰীক্ষা পৰিষদৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱাৰ লগতে বিশিষ্ট ব্যক্তি আৰু আমন্ত্ৰিত অতিথিসকলক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হ'ব। বাল্য বিবাহ, বহু বিবাহ বন্ধ কৰা, অসামাজিক কাম-কাজৰ লগতে মদ, ভাং, গাঞ্জা, বৰবিহ স্বৰূপ নিচাজাতীয় দ্ৰব্য সামগ্ৰী খোৱা-বেচা বন্ধ কৰা, সমাজত শান্তি-সম্প্ৰীতিৰ বাৰ্তা ৰক্ষা কৰাৰ উপৰি সাম্প্ৰতিক সময়ত সমাজৰ প্ৰতি যুৱ নদুৱাৰ ভূমিকা বিষয়ৰ ওপৰত এখনি আলোচনা চক্ৰ অনুষ্ঠিত হ'ব।
উত্তৰ পূৱ ভাৰতৰ আমীৰে শ্বৰীয়ত ও আমীৰে নদুৱাতুত্তামীৰ হজৰত মৌলানা ইউছুফ আলীৰ সভাপতিত্বত অনুষ্ঠিত হ'ব লগীয়া আলোচনা চক্ৰত প্ৰাক্তন বিধায়ক তথা সংঠনটিৰ সাধাৰন সম্পাদক মৌলানা আতাউৰ ৰহমান মাঝাৰভূয়া (কাচাৰ), অধ্যক্ষ মামুনুৰ ৰশ্বিদ বৰভূঞা (হোজাই)হজৰত মৌ: চৌধুৰী উছামা মৱৰুৰ (বদৰপুৰ), অধ্যাপক আব্দুল বাতিন (নগাঁও কলেজ), শিক্ষাবিদ আবুবক্কৰ ছিদ্দিক আৰু হজৰত মৌলানা আনোৱাৰুল হক চৌধুৰীয়ে গাম্ভীৰ্যপূৰ্ণ আলোচনা চক্ৰত ভাষণ প্ৰদান কৰিব বুলি জানিব পৰা গৈছে।
জিলাখনৰ আঞ্চলিক কমিটীৰ লগতে বিভিন্ন ছিনিয়ৰ-টাইটেল মাদ্ৰাছা আৰু স্কুল-কলেজৰ পৰা প্ৰায় সহস্ৰাধিক ছাত্ৰসমাজে এই দ্বীন ইছলামী আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাসকলে আশা প্ৰকাশ কৰিছে। জিলা যুৱ নদুৱাৰ উপ সভাপতি আলহাজ মজিবুৰ ৰহমান, সম্পাদক মৌলানা ৰশ্বিদুল ইছলামে জনোৱা মতে নগাঁও জিলা যুৱ নদুৱাৰ বিশাল কৰ্মী সন্মিলনৰ মুকলি সভাত উত্তৰ পূৱ ভাৰতৰ আমীৰে শ্বৰীয়তৰ লগতে সংগঠনটোৰ একাধিক কেন্দ্ৰীয় নেতা আৰু নগাঁও সদৰ সমষ্টিৰ বিধায়ক, জিলা প্ৰশাসনৰ মৰব্বী উপস্থিত থাকিব। কৰ্মী সন্মিলন সাফল্যমণ্ডিত কৰি তুলিবলৈ অহা ২৫ তাৰিখ ৰবিবাৰে দিনৰ বাৰ বজাত চলচলিত অভ্যৰ্থনা সমিতিৰ এখনি প্ৰস্তুতিমূলক সভাৰ আহ্বান কৰিছে উদ্যোক্তাসকলে।