08/23/2019 - 19:17
in
নলবাৰীঃ নলবাৰীৰ উলাবড়ীত শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উপলক্ষে নাওখেল প্ৰতিযোগিতা অনুষ্ঠিত হয়। জাতি-জনগোষ্ঠীৰ মিলনভূমিলৈ পৰিণত হয় উলাবড়ী পাগলাদিয়া পাৰ ঘাট। ১৯৪৪ চনৰ পৰা পৰম্পৰাগতভাৱে অনুষ্ঠিত কৰি অহা নাও খেল প্ৰতিযোগিতাই এইবাৰ পদাৰ্পণ কৰিছে মহাৰজত জয়ন্তী বৰ্ষত।
দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে মহাৰজত জয়ন্তী। আজি দ্বিতীয় দিনা দুপৰীয়াৰ ভাগত অনুষ্ঠিত নাওখেল প্ৰতিযোগিতা মুকলি কৰে ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহণ দৈমাৰীয়ে। মুঠ বাৰখন নাওৱে অংশ লোৱা নাওখেল প্ৰতিযোগিতা মুকলি কৰি মন্ত্ৰীগৰাকীয়ে নাওখেলক চৰকাৰীভাৱে স্বীকৃতি দিয়াৰ প্ৰয়োজনীয়তা থকা বুলি ব্যক্ত কৰে।