নলবাৰীৰ উলাবড়ীত নাওখেলৰ মহাৰজত জয়ন্তীৰ মুকলি সভাত মুখ্যমন্ত্ৰী

 08/23/2019 - 20:56

নলবাৰীঃ আমাৰ ছয় হেজাৰ বছৰীয়া সভ্যতা-সংস্কৃতিৰ বাবে আজি বৰ গুৰুত্বপূৰ্ণ দিন৷ নদীৰ দাঁতিত মানৱ সভ্যতা সৃষ্টি হৈছিল৷ আমি মানৱীয় প্ৰমূল্যবোধক জীয়াই ৰাখিবলৈ হ’লে নাওখেলৰ মহত্ত্ব বুজিব লাগিব৷ পানীৰ অবিহনে পৃথিবীৰ বুকুত কোনো জীৱ-জন্তু জীয়াই থাকিব নোৱাৰে পানী সকলো শক্তিৰ উৎস৷ পানী হৈছে ইশ্বৰে মানৱ সমাজক প্ৰদান কৰা আটাইতকৈ ডাঙৰ প্ৰসাদ৷ এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ৷ আজি নলবাৰী জিলাৰ বৰভাগৰ উলাবড়ীৰ হিতসাধিনী পুথিভঁৰালৰ সৌজন্যত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে নাওখেল প্ৰতিযোগিতাৰ মহাৰজত জয়ন্তী উদযাপনৰ মুকলি সভাত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে কয়।

লগতে তেওঁ নাওখেলৰ পৰা নতুন প্ৰজন্মই যি শিক্ষা আয়ত্ব কৰিব পাৰিছে সেই শিক্ষাৰ দ্বাৰা নদী, জলবায়ু সংৰক্ষণ কৰাৰ কথা দোহাৰি বায়ুমণ্ডল পৰিশোধন কৰি ৰাখিব লাগিব বুলি মন্তব্য আগবঢ়ায়। নদীৰ দুয়ো দাঁতিৰ সভ্যতা-সংস্কৃতি ৰক্ষা কৰিব লাগিব বুলি কয়। স্থানীয় বিধায়ক তথা মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি নাৰায়ণ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখনত তেওঁ আৰু কয় যে মহাবাহু ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ ১২১ খন উপনদী বৰাক আৰু ইয়াৰ ১১ খন উপনদী ঈশ্বৰে বৃহত্তৰ অসমীয়া সমাজৰ বাবে আগবঢ়োৱা ডাঙৰ উপহাৰ৷

উক্ত সভাত তেওঁ কংগ্ৰেছ দলক তীব্ৰ ভাষাৰে কটাক্ষ কৰি কয় যে কংগ্ৰেছৰ শাসন কালত সকলো দিশতে অপৰিস্কাৰ হিচাপে চিহ্নিত হৈছিল৷ নৰেন্দ্ৰ মোদীয়ে সংস্কাৰ কৰি সকলো শ্ৰেণীৰ লোককে সন্মান সহকাৰে বসবাস কৰিবলৈ সুবিধা কৰি দিছে৷ মুকলি সভাখনত দিপুল বৈশ্যৰ সম্পাদনাত প্ৰকাশ পোৱা আটকধুনীয়া স্মৃতিগ্ৰন্থ খন উন্মোচন কৰে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনে৷ ইয়াৰ উপৰি সভাত উপস্থিত থাকি ভাষণ প্ৰদান কৰে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, জনসিঞ্চন আৰু ৰাজহ বিভাগৰ মন্ত্ৰী ভবেশ কলিতা, খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ অধ্যক্ষ ডাঃ কমলা কলিতা৷ সভাত অসম উদ্যোগিক নিগমৰ উপাধ্যক্ষ নিতুমনি দাস, নৰ্থ ইষ্ট কেন্সাৰ হাস্পতাল এণ্ড ৰিচাৰ্চ ইনষ্টিটিউটৰ সঞ্চালক গণেশ তামুলি আদি উপস্থিত থাকে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।