লখিমপুৰত ৰে’লৰ খুন্দাত মহিলা নিহত

 08/23/2019 - 21:01

লখিমপুৰঃ আজি লখিমপুৰ জিলাৰ বগীনদী থানাৰ অধীনৰ তথা চাউলধোৱা আৰক্ষী চকীৰ এলেকাৰ থেকেৰাগুৰিৰ এগৰাকী দুটি কণমানি সন্তানৰ মাতৃ ৰে'লৰ খুন্দাত মৃত্যু হোৱা বাতৰিয়ে সমগ্ৰ অঞ্চলতে চাঞ্চল্যই বিৰাজ কৰিছে৷ মৃতদেহটো থেকেৰাগুৰিৰ নিৱাসী মইনা ভূঞাৰ পত্নী টুলুমনি ভূঞা বুলি চিনাক্ত কৰা হৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি আজি পুৱা প্ৰায় ১০ মান বজাত থেকেৰাগুৰিৰ শিৱম কনষ্ট্ৰাকচনৰ সমীপৰ ৰে'ল লাইনত এগৰাকী মহিলাৰ মৃতদেহ দেখা পাই স্থানীয় লোকে চাউলধোৱা আৰক্ষীক খবৰ দিয়ে৷

আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৰে'ল বিভাগক খবৰ দিয়ে৷ ৰে'ল বিভাগে মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে৷ সন্দেহ কৰা অনুসৰি পুৱা ৯ মান বজাত যোৱা উজনিমুৱা এখন ৰে'লৰ খুন্দাত মহিলাগৰাকী নিহত হয়৷ এয়া দুৰ্ঘটনা নে আত্মহত্যা নিশ্চিত হোৱা নাই৷ স্থানীয় লোকে মহিলাগৰাকীয়ে আত্মহত্যা কৰা বুলি সন্দেহ কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।