ভোট বেংকৰ স্বাৰ্থতেই ৰাজনৈতিক দলসমূহ বিদেশী সমস্যাক লৈ নীৰৱ: উপমন্যু হাজৰিকা

 04/02/2019 - 18:04

গুৱাহাটী : আগন্তুক লোকসভা নিৰ্বাচনৰ ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী তথা প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত হাজৰিকাই অসমত থকা বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত প্ৰতিখন চৰকাৰেই গ্ৰহণ কৰা স্থিতিক তীব্ৰভাষাৰে সমালোচনা কৰে।

সংবাদমেলত হাজৰিকাই কয়- উচ্চতম ন্যায়ালয়ে ঘোষণা কৰিছিল যে অসমত ৭০ হাজাৰ বাংলাদেশী আছে। কিন্তু সময়ৰ সোঁতত এই ৭০ হাজাৰ বাংলাদেশী নিৰুদ্দেশ হ'ল। এই বিষয়ক লৈ কোনো এটা ৰাজনৈতিক দলে কোনো প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰা দেখা নগ'ল। বৰঞ্চ ভোট বেংকৰ স্বাৰ্থত ৰাজনৈতিক দলসমূহে এইবোৰক স্বদেশীহে কৰিলে।সংবাদমেলত হাজৰিকাই অসমৰ মুখ্যমন্ত্ৰীকো সমালোচনা কৰে।

তেওঁ কয়- ২০১৬ চনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৈছিল যে এজনো বিদেশীক অমসত স্থান দিয়া নহ’ব কিন্তু আজি সেই প্ৰতিশ্ৰুতি ক'ত গ'ল? হাজৰিকাই লগতে পূৰ্বৰ কংগ্ৰেছ চৰকাৰকো এই ক্ষেত্ৰত দোষী বুলি মন্তব্য কৰে যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰখনো ধোৱা তুলসীৰ পাত নহয়। ২০১৫ চনত সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কেৱল ভোটৰ স্বাৰ্থতে বাংলাদেশী ৰক্ষণাবেক্ষনৰ বাবে শপতনামা দাখিল কৰিছিল আৰু এতিয়া ক্ষমতাৰ হেৰুৱাৰ পাছত নিজকে নিৰ্দোষী সজাবলৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কৈ আহিছে।

সংবাদমেলত হাজৰিকাই সমগ্ৰ অসমবাসীক আহ্বাহন জনায় যে- আজি খিলঞ্জীয়াই যদি এই সুবিধাবাদী লোকসকলক চিনি নুঠে ভৱিষ্যতে অসমৰ ভূমিপুত্ৰ অসমতে সংখ্যালঘু হ'ব। এই সংবাদমেলতে উপমন্যু হাজৰিকাই বিদেশী বহিষ্কাৰৰ বাবে বিভিন্ন সময়ত গ্ৰহণ কৰা কৰ্মসূচীৰ বিষয়ে উল্লেখ কৰাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনক লৈ 'নিৰ্বাচনী আহ্বান' নামৰ এখন পুস্তিকাও মুকলি কৰে।

লগতে বিজেপি চৰকাৰে গাঁৱে-ভূঞে ভোট লাভৰ আশাৰে কিদৰে মিছা প্ৰচাৰ কৰি আহিছে তাক লৈও প্ৰমাণ দাঙি ধৰে। উল্লেখ্য যে, আগন্তুক লোকসভা নিৰ্বাচনত গুৱাহাটী সমষ্টিত হাজৰিকাৰ বিৰুদ্ধে বিজেপিৰ হৈ কুইন ওজা আৰু কংগ্ৰেছৰ হৈ ববিতা শৰ্মাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।