সংস্কৃত বিশ্ববিদ্যালয়ৰ শিক্ষা বিষয়ত নলবাৰীৰ ৰোজলিন আখতাৰ প্ৰথম শ্ৰেণীৰ প্ৰথম

 08/24/2019 - 15:02

নলবাৰীঃ নলবাৰী চহৰৰ ইছলাম চুবুৰীৰ ৭ নং ৱাৰ্ডৰ বাসিন্দা ৰোজলিন আখতাৰে নলবাৰীৰ নমাটিস্থিত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ সদ্যঘোষিত স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত শিক্ষা বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰিছে।

৭৭.৫৬ শতাংশ নম্বৰ লাভ কৰা কৃতী ছাত্ৰীগৰাকীয়ে ৮.৭৫ পইণ্ট অৰ্জন কৰিছে। নলবাৰীৰ ইছলাম চুবুৰি (ৱাৰ্ড নং ৭)ৰ প্ৰয়াত ৱাজেদ আলী আৰু আমিনা খানমৰ কন্যা ৰোজলিনৰ সাফল্যত বিভিন্নজনে সন্তোষ প্ৰকাশ কৰিছে আৰু তেওঁলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।