খাৰচাঙত ড্ৰাগছ সৰবৰাহকাৰীক জে’ললৈ প্ৰেৰণ

 08/24/2019 - 15:10

মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ সীমামূৰীয়া অৰুণাচল প্ৰদেশৰ খাৰচাঙত ড্ৰাগছসহ এজন সৰবৰাহকাৰী আটক কৰাৰ বাতৰি পোৱা গৈছে৷ প্ৰাপ্ত খবৰ অনুসৰি শুকুৰবাৰে খাৰচাং আৰক্ষীৰ উপ পৰিদৰ্শক এচ ৱাংচু আৰু সহ উপৰিদৰ্শক কে কুমাৰৰ নেতৃত্বত চলোৱা এক অভিযানত অৰুণাচল প্ৰদেশৰ খাৰচাং চক্ৰৰ লংটন গাঁ‌ৱৰ নাফুক নলা এলেকাত ব্ৰাউন চুগাৰসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে৷

বিশেষ সূত্ৰৰ পম খেদি চলোৱা এই অভিযানত আৰক্ষীয়ে নামফুক নলাৰ নৰ বহাদুৰ তামাঙৰ পৰা ৫ গ্ৰাম উজনৰ ১২ পেকেট ব্ৰাউন চুগাৰএ লগতে ড্ৰাগছ সেৱণত ব্যৱহৃত ৰূপালী কাগজ উদ্ধাৰ কৰে৷ উক্ত ব্ৰাউন চুগাৰখিনি বৰডুমচাৰ পৰা সংগ্ৰহ কৰা বুলি ধৃত তামাং আৰক্ষীৰ আগত স্বীকাৰোক্তি দিছে৷ আৰক্ষীয়ে এন ডি পি এচ এক্টৰ ২১(এ) ২৭ ধাৰাত ১৪/২০১৯ নম্বৰত এটা গোচৰ ৰুজু কৰি ড্ৰাগছ সৰবৰাহকাৰী তামাঙক আজি জে’ললৈ প্ৰেৰণ কৰে৷

উল্লেখ যে সীমামূৰীয়া এই অঞ্চলসমূহৰ পৰাই অসমৰ তিনিচুকীয়া জিলাখনলৈ মাৰাত্মক ড্ৰাগছ দীৰ্ঘদিনে সৰবৰাহ হৈ আহিছে৷ এইক্ষত্ৰত বগা হাতীত পৰিণত হোৱা আবকাৰী বিভাগে চূড়ান্ত ভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ ইতিপূৰ্বে বহু দল সংগঠনে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী সময় সময়ে ৰূপায়ণ কৰি আহিছে যদিও এই পৰ্য্যন্ত আবকাৰী আৰু আৰক্ষী বিভাগে চকু মুদা কুলিৰ ভাও ধৰাৰ অভিযোগ উঠিছে৷

এইক্ষেত্ৰত তিনিচুকীয়া জিলা আৰক্ষী অধ্যক্ষকে ড্ৰাগছ সৰবৰাহকাৰী বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন হৈছ৷ এইক্ষেত্ৰত জিলা আৰক্ষীয়ে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া অতি লক্ষণীয় হ’ব বুলি সচেতন মহলত ব্যাপক চৰ্চা হৈছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।