ৰহমৰীয়াত বিহু কৰ্মশালাৰ আৰম্ভণি

 04/02/2019 - 18:08

ডিব্ৰুগড়: ডিব্ৰুগড় জিলাৰ অন্তৰ্গত ৰহমৰীয়াৰ চামনি নতুন গাঁৱৰ আশ্ৰয় শিবিৰত ইন্দ্ৰধনু শিল্পীগোষ্ঠীয়ে ১ এপ্ৰিলৰ পৰা বিহু নৃত্যৰ কৰ্মশালা শুভাৰম্ভ কৰে। বিহু কৰ্মশালাখনিৰ বন্তি প্ৰজ্বলন কৰে সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক হৰিকান্ত দুৱৰাই।

বন্তি প্ৰজ্বলনৰ পাছতে হৰিকান্ত দুৱৰাই অসমবাসীক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি তেওঁ কয় যে, অসমীয়া জাতীয় উৎসৱ ৰঙালী বিহুৰ বৈশিষ্ট্য যাতে ম্লান নহয় তাৰ প্ৰতি সকলোৱে গুৰুত্ব দিব লাগে। অসমীয়া জাতীয় বিহু নৃত্যক ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিবলৈ চেষ্টা কৰিব লাগে।

বিহু কৰ্মশালাৰ যোগেদি প্ৰশিক্ষণ লৈ ৰহমৰীয়াৰ পৰা অসমৰ মৌ-কুঁৱৰী, বিহুৰাণী, বৰবিহুৱতী হ'বলৈ সকলোৱে চেষ্টা কৰিব লাগিব বুলিও হৰিকান্ত দুৱৰাই বক্তব্য ৰাখে। বিগত বছৰৰ দৰে এইবাৰ ইন্দ্ৰধনু শিল্পী গোষ্ঠীয়ে আয়োজন কৰা কৰ্মশালাখনিৰ মুখ্য প্ৰশিক্ষক হিচাবে প্ৰশিক্ষণ আগবঢ়াই পানীতোলাৰ সুজাতা দাসে।

বিহু কৰ্মশালাত অৰ্ধ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাত ৰহমৰীয়া আঞ্চলিক মটক যুৱ-ছাত্ৰ সন্মিলনৰ সভাপতি ধনিত দত্তই মন্তব্য আগবঢ়ায়।

ৰহমৰীয়া আঞ্চলিক মটক যুৱ-ছাত্ৰ সন্মিলনৰ উপদেষ্টা তথা ইন্দ্ৰধনু শিল্পীগোষ্ঠীৰ মনিত গোঁহাইয়ে আঁত ধৰা কৰ্মশালাখনিত বিহুৱা মণ্টু চেতিয়া, সমাজকৰ্মী দেৱজিত গোঁহাই উপস্থিত থাকে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।