কামপুৰত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন

 08/24/2019 - 15:50

কামপুৰঃ ৰাজ্যৰ অনান্য প্ৰান্তৰ লগতে নগাঁও জিলাৰ কামপুৰৰ বিভিন্ন প্ৰান্ততো শুকুৰবাৰৰ পৰা দুদিনীয়া কায্যসূচীৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উৎসৱ আয়োজন কৰা হৈছে। শুকুৰবাৰে কামপুৰ অঞ্চলৰ বিভিন্ন নামঘৰত নাম প্ৰসংগৰ কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা হয়।

শনিবাৰে পুৱাৰে পৰা শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে কামপুৰ কেন্দ্ৰীয় ৰাস পথাৰত বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত বিভিন্ন কায্যসূচী অনুষ্ঠিত হয়। শুভাযাত্ৰাৰে আৰম্ভ হোৱা এই অনুষ্ঠানত বিভিন্ন প্ৰতিযোগিতাও অনুষ্ঠিত হয়। কামপুৰ শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বহু প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। শুভাযাত্ৰাত শ্ৰীকৃষ্ণৰ বন্দনাৰে সমগ্ৰ কামপুৰ নগৰৰ পৰিবেশ মুখৰিত হৈ পৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।