তিনিচুকীয়াত বাছ আৰু অটো চালকৰ মাজত বাক যুদ্ধঃ আৱদ্ধ যাত্ৰী

 08/24/2019 - 16:16

তিনিচুকীয়াঃ শনিবাৰে তিনিচুকীয়া ডিব্ৰুগড়লৈ চলা বাছ আৰু অটো চালকসকলৰ মাজত সামান্য সংঘাত হোৱাৰ বাবে অটো চালকসকলে তিনিচুকীয়াৰ পৰা ডিব্ৰুগড়লৈ যোৱা সমূহ বাছ ৰখাই যাত্ৰীক আবদ্ধ কৰি ৰাখে। এই অৱৰোধৰ ফলত তিনিচুকীয়াৰ পৰা ডিব্ৰুগড়, যোৰহাট, গুৱাহাটীলৈ যোৱা সকলো যাত্ৰীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়।

পানীতোলাত অটো চালক আৰু বাছ চালকৰ মাজত তীব্র বাক যুদ্ধ হয় আৰু সেই বাক যুদ্ধ পাইগৈ পানীতোলা আৰক্ষী থানাত। অটো আৰু বাছৰ মাজত হোৱা বাক যুদ্ধৰ ফলত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অলপ সময় বাবে ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ থকাৰ ফলত যাত্ৰীসকলৰ মাজত প্ৰখৰ গৰমত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। তিনিচুকীয়া পানীতোলাৰ অটো আৰু বাছ ড্ৰাইভাৰৰ মইমতালি বাবে যাত্ৰীসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ দুৰ্ভোগ ভুগিব লগা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।