08/24/2019 - 16:27
in
লখিমপুৰঃ শীঘ্ৰেই আৰম্ভ হ’ব ২০০০ মেগাৱাট নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম। শক্তি বিভাগৰ প্ৰধান সচিব আৰু এনএইচপিচি ৰ মাজত স্বাক্ষৰ হ’ল চুক্তি। ২০১১ চনৰ পৰা বিভিন্ন দল-সংগঠনৰ আন্দোলনৰ বাবে বন্ধ হৈ আছিল নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম। বাৰিষা শেষ হোৱাৰ পিছতে বান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ সাজু হৈছে এনএইচপিচিয়ে। ইয়াকে লৈ আজি তীব্ৰ প্ৰতিবাদেৰে উত্তাল হ’ল লখিমপুৰ চহৰৰ এ এছ টি চি সমীপৰ ৰাষ্ট্ৰীয়পথ৷ অসম জাতীয়তাবাদী যুৱ পৰিষদে জ্বলালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি৷ এন এইচ পি চিৰ লগতে চৰকাৰ বিৰোধী শ্ল'গানেৰে আকাশ-বতাহ উত্তাল কৰিলে প্ৰতিবাদী দল সংগঠনসমূহে৷