ৰঙিয়া খন্দিকৰত সম্প্ৰীতিৰ নিৰ্দশনঃ হিন্দু প্ৰথাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন মুছলমান সমাজৰ

 08/24/2019 - 16:59

ৰঙিয়াঃ ৰঙিয়া খন্দিকৰত সম্প্ৰীতিৰ অপূৰ্ব নিৰ্দশন। হিন্দু মৃত ব্যক্তিৰ সৎকাৰ মুছলিম সমাজৰ। কণমাণি পুত্ৰ সঞ্জীৱ গৌৰে মুখাগ্নি কৰা দৃশ্যই কন্দুৱায় প্ৰতিজনক। ইছলামধৰ্মী লোকৰ ঘৰত মৃত্যু ৰাজকুমাৰ গৌৰ নামৰ ৬৫ বছৰীয়া ব্যক্তিৰ। বহু বছৰ ধৰি পৰিয়ালৰ সৈতে বসবাস কৰি আছিল খন্দিকৰৰ চাদ্দাম হুছেইন নামৰ ব্যক্তি এজনৰ ঘৰত।

দীৰ্ঘ দিনৰ পৰা অসুস্থ হৈ আছিল ৰাজকুমাৰ গৌৰ। অঞ্চলটোৰ ৰাইজে চিকিৎসা কৰাইছিল যদিও সুস্থ নহ’ল ব্যক্তিজন। ৰে’লত চানাচুৰ বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা গৌৰক সম্পূৰ্ণ হিন্দু প্ৰথাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিলে মুছলমান সমাজে। কণমানি পুত্ৰ সঞ্জীৱ গৌৰে মুখাগ্নি কৰা দৃশ্যই শোকাকুল কৰি তুলিলে সকলোকে।

মৃত ব্যক্তিজনে বহিঃৰাজ্যৰ পৰা পিতৃৰ চাকৰি সূত্ৰে আহি থাকিবলৈ লৈছিল খন্দিকৰত। যিসময়ত কিছু ৰাজনৈতিক নেতাই ধৰ্মবিৰোধী বক্তব্যৰে চৰ্চালৈ আহিছে তাৰ মাজতে এনে ঘটনাই পুনৰ প্ৰমান কৰিলে যে আমাৰ অসম সোণৰ অসম, শংকৰ-আজানৰ অসম।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।