ভূৰাগাঁৱত অগ্নিকাণ্ডত সৰ্বস্বান্ত হোৱা পৰিয়ালক গৰীৱ নন্দন জনকল্যাণ সমিতিৰ সাহাৰ্য্য

 04/02/2019 - 18:22

লাহৰীঘাটঃ মৰিগাঁও জিলাৰ ভূৰাগাঁও থানাৰ অন্তৰ্গত শিৱবাৰীত যোৱা শুক্ৰবাৰে দুপৰীয়া সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডৰ ফলত প্ৰায় অৰ্ধ শতাধিক পৰিয়ালৰ বাসগৃহ আৰু বহু লক্ষাধিক টকাৰ সা-সামগ্ৰীৰ লগতে এন আৰ চিৰ দৰে গুৰুত্বপূৰ্ণ নথি-পত্ৰ সম্পূৰ্ণৰূপে ভস্মীভূত হৈ যায়।

উল্লেখ্য যে বিধ্বংসী অগ্নিকাণ্ডত সৰ্বস্বান্ত হোৱা পৰিয়ালকেইটা পাভকাটি গাঁও পঞ্চায়তৰ আছিল যদিও ব্ৰহ্মপুত্ৰৰ খহনীয়াত সকলো হেৰুৱাই শেষ আশা বুকুত বান্ধি শিৱবাৰীৰ মথাউৰিত কোনো মতে জীৱন কটাই আছিল।

কিন্তু শুক্ৰবাৰে বিধ্বংসী অগ্নিকাণ্ডই সেই শেষ আশাও পুৰি ছাঁই কৰি দিয়ে। গৰীৱ নন্দন জনকল্যাণ সমিতিৰ সভাপতি বিপুল কলিতাই অগ্নিকাণ্ডত দিশহাৰা হোৱা লোকসকলৰ মাজত উপস্থিত হৈ সকলো ঘটনাৰ বুজ লোৱাৰ লগতে ভূক্তভোগীসকলৰ মাজত বস্ত্ৰ বিতৰণ কৰে।

উক্ত কাৰ্য্যত সহায়ৰ হাত আগবঢ়ায় আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক আনোৱাৰ হুছেইন আৰু গৰীৱ নন্দন জনকল্যাণ সমিতিৰ স্থানীয় সদস্য তথা দৈনিক গণ অধিকাৰ কাকতৰ স্থানীয় সাংবাদিক ছাদ্দাম হুচেইনে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।