খোৱাংঃ খোৱাঙত শুকুৰবাৰে নিশা এখন ট্ৰাকত খৈৰ কাঠ জব্দ কৰে আৰক্ষীয়ে। খোৱাঙৰ এটা আৰক্ষী তহলদাৰী গোটে নিশা ট্ৰাকখন জব্দ কৰি থানালৈ লৈ আহে। আৰক্ষীয়ে ইতিমধ্যে জীতেন্দ্ৰ সিং নামৰ চালক জনজ গ্ৰেপ্তাৰ কৰাৰ লগতে এক গোচৰ পঞ্জীয়ন কৰিছে। কাঠখিনি অৰুণাচৰ ৰূপাইৰ পৰা দিল্লীলৈ আনি আছিল বুলি চালকে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে।
উল্লেখ্য যে চালকে ট্ৰাকখনৰ নাম্বাৰ প্লেট খুলি অনাৰ লগতে গাড়ীৰ বডিত লিখা থকা গাড়ীৰ নাম্বাৰ কলা গ্ৰীচ দি ঢাকি আনিছিল। পঞ্জাৱ বডী ট্ৰাকখনৰ নাম্বাৰ PB13 BB 8015। খোৱাং বন সংমণ্ডলৰ বিষয়া ইতিমধ্যে খোৱাং থানাত উপস্থিত হৈ গাড়ীখন চমজি লোৱাৰ লগতে চালকক সোধ পোচ অব্যাহত ৰাখিছে।
ইফালে উজনি অসমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এনে ধৰণৰ চোৰাং কাঠৰ ট্ৰাক চলাচল কৰি থাকে বুলি এক অভিযোগ বহু দিনৰ পৰা উত্থাপিত হৈ আহিছে যদিও বন বিভাগে এই গাড়ী সমূহ জব্দ কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই। আৰক্ষীয়ে জব্দ কৰা পঞ্জাৱ বডী ভৰ্তি খৈৰ্ কাঠখিনিৰ মূল্য বহুত যদিও খোৱাঙৰ বন বিষয়াজনে মাত্ৰ ২০ লাখ টকা বুলিহে সাংবাদিকৰ আগত উল্লেখ কৰিছে।