কাকপথাৰঃ আজি পুৱা প্ৰায় পাঁচ মান বজাত শদিয়াৰ বনাঞ্চলিক বিষয়া বিবিট দিহিঙিয়াৰ নেতৃত্বত যোৱা এটা চাৰি জনীয়া দলে শদিয়া চুন পোৰা শ্নাশান শাল তেৰ মাইলৰ ব্ৰহ্মপুত্ৰৰ নৈৰ পাৰত বহু লক্ষাধীক টকাৰ মূল্যবান খয়ৰ কাঠ জব্দ কৰে। কাঠ মাফিয়াই উক্ত খয়াৰ কাঠ সমূহ অৰুনাচল প্ৰদেশৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৱেদি আনি অন্য স্হানলৈ সৰবৰাহৰ বাবে নৈৰ পাৰত মজুত কৰি ৰাখিছিল।
আজি পুৱা এক গোপন সূত্ৰৰ পম খেদি শদিয়াৰ বনাঞ্চলিক বিষয়া বিবিট দিহিঙিয়াৰ নেতৃত্বত চাৰি জনীয়া এটা দলে ক্ৰমে বীট অফিচাৰ চুৰামনি গজৰেল, বনৰক্ষী অম্লামদিপ খাটুৱাল, কনিষ্টবল ধীৰাজ বৰা আৰু গোপাল ভূঞা, এই চাৰিগৰাকী বন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে সাহসীকতাৰে শদিয়াৰ তেৰ মাইলৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত এই খয়ৰ কাঠ সমূহ জব্দ কৰিবলৈ সক্ষম হয়। বন বিভাগৰ দল যোৱাৰ উমান পাই কাঠ মাফিয়া আৰু শ্ৰমিক সকল পলায়ন কৰে। ইতিমধ্যে শদিয়া বন বিভাগে জব্দ কৰা খয়ৰ কাঠ সমূহ বন বিভাগৰ কায্যালয়লৈ অনাৰ ব্যৱস্থা কৰিছে।
তাৎপৰ্যপূৰ্ণ বিষয় যে যোৱা জুলাই মাহত এই বন বিষয়াজনৰ তৎপৰতাত ব্ৰহ্মপুত্ৰৰ বুকুৱেদি মেচিন নাৱত বৃহৎ পৰিমাণৰ মূল্যৰ খয়ৰ কাঠ জব্দ কৰিবলৈ সক্ষম হৈছিল৷ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল যে সংবাদ মাধ্যমত এনে ধৰণৰ কাঠ, কয়লা, ইলাচী, ক’লা কচু আদিকে ধৰি বিভিন্ন ধৰণৰ মূল্যবান সম্পদ অবৈধভাৱে চোৰাংকৈ তিনিচুকীয়া জিলাৰ ৩৭ নং আৰু ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে ডিৰাক গেট, শদিয়াৰ শান্তিপুৰ গেট আৰু ড° ভূপেন হাজৰিকা সেতুৱেদি সৰবৰাহ হৈ থকাৰ বাতৰি প্ৰাকশ পাই আহিছে যদিও চোৰাং ব্যৱসায়ী সকলৰ গা লৰা নাই৷ প্ৰশাষনে কি কাৰণত এই চোৰাং ব্যৱসায়ী সকলৰ ওপৰত কোনো ধৰণৰ উচ্চিত ব্যৱস্থা গ্ৰহণ কৰা নাই সেই বিষয়ে প্ৰকৃতিপ্ৰেমী সকলৰ লগতে একাংশ সচেতন নাগৰিকে প্ৰশ্ন কৰিছে৷