মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ সীমামূৰীয়া অৰুণাচল প্ৰদেশৰ মেও আৰক্ষীৰ তৎপৰতাত শেহতীয়াকৈ কেইবাগৰাকী ড্ৰাগছ মাফিয়া তথা সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰি ৰঙা ঘৰৰ ভাত খাব লগা হোৱাৰ বাতৰি পোৱা গৈছে।
যোৱা ১৭ আগষ্টৰ পৰা আৰক্ষীয়ে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই চাৰি গৰাকী ড্ৰাগছ সৰবৰাহকাৰীক মাৰাত্মাক ড্ৰাগছ সহ আটক কৰিবলৈ সক্ষম হোৱাৰ সময়তে পুনৰ কালি নিশা মেও'ৰ মহকুমা আৰক্ষী বিষয়া টাচি দৰং আৰু মেও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ইগে এটেই লাভ কৰা গোপন সূত্ৰৰ তথ্য ভিত্তিত যোৱা এটা অভিযানকাৰী দলে মেও চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ গাৰা লাইন এলেকাৰ পৰা প্ৰায় ১৩ গ্ৰাম ওজনৰ ব্ৰাউন চুগাৰসহ ইন্দং গাম চিংফৌ ওৰফে কালাগাম নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে ধৃত গামৰ বাসগৃহত তালাচী চলাই ব্ৰাউন চুগাৰ খিনি জব্দ কৰিবলৈ সক্ষম হয়। মেয়' আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীটোৰ বিৰুদ্ধে এন ডি পি এচ এক্টৰ ২১(বি) ধাৰাত ২৭/২০১৯ নম্বৰৰ এটা গোচৰ ৰুজু কৰে৷