নগৰবেৰাঃ বহু পলমকৈ হ’লেও সাৰ পালে কামৰূপ জিলা স্বাস্থ্য বিভাগে। প্ৰলয়ংকৰী বানৰ পিছত বানপীড়িত অঞ্চলত স্বাস্থ্য শিবিৰ পাতি পীড়িত লোকসকলক চিকিৎসা প্ৰদান কৰিবলগীয়া আছিল যদিও সেয়া হৈ উঠা নাছিল। অৱশেষত শনিবাৰে কামৰূপ জিলা স্বাস্থ্য বিভাগে বকোৰ নগৰবেৰাত অনুষ্ঠিত কৰে এক স্বাস্থ্য শিবিৰ। গুৱাহাটী সংসদীয় সমষ্টিৰ সাংসদ কুইন ওজাই শুভাৰম্ভ কৰা স্বাস্থ্য শিবিৰত প্ৰখৰ ৰ’দ নেওচি বহু ৰোগীয়ে নিজৰ স্বাস্থ্য পৰীক্ষা কৰায়।
স্বাস্থ্য বিভাগৰ ফালৰ পৰা পৰ্যাপ্ত ঔষধৰো ব্যৱস্থা কৰা হয়। ইপিনে মহা স্বাস্থ্য মেলা শুভাৰম্ভ কৰি ৰাজনীতিৰ কথা নকৈ নোৱাৰিলে সাংসদ কুইন ওজাই। বকো সমষ্টিত কংগ্ৰেছৰ শাসন চলা বাবেই ৰাইজৰ দুখ দুৰ্গতি শেষ হোৱা নাই। অৰ্থাৎ পৰিৱেশ পৰিস্থিতি যিয়েই নহওক লাগিলে ৰাজনীতি কৰাটো ৰাজনৈতিক নেতা সকলৰ মুল লক্ষ্য হৈ পৰিছে। অৱশ্যে বিজেপিৰ মিত্ৰ দল অগপৰ বিধায়কেও বকো সমষ্টিত শাসন কৰিছিল ১০ বছৰ।