হাটশিঙিমাৰীঃ মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী লক্ষাধিক ৰাইজৰ সুচিকিৎসাৰ বাবে ৪৫ বছৰ আগতে কাকৰী পাৰা ৰাজ্যিক চিকিৎসালয় স্থাপন কৰিছিল। কিন্তু বতৰ্মানৰ মামুদ হোচেন নামৰ চিকিৎসকগৰাকী চিকিৎসালয়খনত নিযুক্তি হৈ অহাৰ পিছৰ পৰাই চিকিৎসালয়খনত মইমতালি চলাই আহিছে। দীৰ্ঘদিন ধৰি হাস্পতাল মেনেজমেণ্ট কমিটী নথকাত চিকিৎসকগৰাকীয়ে চিকিৎসালয়খনৰ আন্তঃগাথনিৰ ধন খেলিমেলি কৰিছে। যাৰ ফলত হাস্পতাল মেনেজমেণ্ট কমিটী গঠন কৰাৰ বাবে ৰাইজে চিকিৎসকগৰাকীক দাবী জনাই আহিছে।
কিন্তু চিকিৎসকগৰাকীয়ে মাহে মাহে তাৰিখ পিছুৱাই থকাত আজি স্থানীয় ৰাইজৰ ক্ষোভৰ বৰ্হি প্ৰকাশ ঘটে আৰু চিকিৎসালয় ঘেৰাও কৰি হাস্পতাল মেনেজমেণ্ট কমিটী গঠনৰ নিদিষ্ট তাৰিখ বিচাৰে। পিছত চিকিৎসকগৰাকীয়ে অহা এসপ্তাহৰ ভিতৰত হাস্পতাল মেনেজমেণ্ট কমিটী গঠন কৰাৰ আশ্বাস দিয়াৰ পিছতহে ৰাইজৰ উত্তেজনা শাম কাটে আৰু ঘেৰাও কায্যসূচী উঠাই লয়।