08/24/2019 - 18:59
in
বটদ্ৰৱাঃ সদৌ অসম গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক, প্ৰাক্তন বিধায়ক, কৰ্মপ্ৰাণ হৰিনাৰায়ন বৰুৱাৰ ৫০ সংখ্যক স্মৃতি দিৱসটি শুকুৰবাৰে জাজৰি থানা গাঁওৰক্ষী বাহিনীৰ উদ্যোগত বাহিনীৰ সভাগৃহত অনুষ্ঠিত হয়। পুৱা ৯ বজাত প্ৰয়াত বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠান মুকলি কৰে জাজৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মলয় কুমাৰ আচাৰ্যীয়ে।
থানা সমিতিৰ সম্পাদক ৰাহুল দেৱ বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানত গাঁওৰক্ষী বাহিনীৰ চক্ৰ সংগঠক বিষয়া যজ্ঞ বৰাই প্ৰয়াত হৰিনাৰায়ন বৰুৱাৰ বিশাল কৰ্মজীৱনৰ আলোকপাত কৰি বক্তব্য ৰাখে। অনুষ্ঠানত উপসভাপতি ডিম্বেশ্বৰ বৰা, সম্পাদক ফনি বৰাকে ধৰি গাঁওৰক্ষী বাহিনীসমূহৰ সম্পাদকসকল উপস্থিত থাকে।