ভোটদান নিশ্চিতকৰণৰ অৰ্থে সংবাদমেল লোক জাগৰণ মঞ্চৰ

 04/02/2019 - 18:49

গুৱাহাটী: আজি গুৱাহাটী প্ৰেছক্লাবত লোক জাগৰণ মঞ্চই আগন্ত্তক লোকসভা নিৰ্বাচনত এশ শতাংশ ভোটদান নিশ্চিত কৰিবলৈ এখন সংবাদমেলৰ আয়োজন কৰে। লোকসভা নিৰ্বাচন বৰ্তমান তেনেই কাষত।

সেয়েহে এই সংবাদমেলখনৰ মূল উদ্দেশ্য হ'ল- এইবাৰ যাতে ৰাইজে নিজৰ চিন্তা নিজৰ বিবেকেৰে ভোটদান কৰি এখন সুস্থ চৰকাৰ গঠন কৰিব পাৰে। কিয়নো এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ ওপৰত এখন ৰাষ্ট্ৰৰ তথা সমাজৰ ভৱিষ্যৎ নিৰ্ভয় কৰে। সেয়েহে ভোটদানৰ ক্ষেত্ৰত যথেষ্ট সচেতন হ'ব লাগিব। তাৰ বাবে আজি এই সংবাদমেলখন আয়োজন কৰা হয়।

এই অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাৰ্চায ড• নিৰ্মল কুমাৰ চৌধুৰী, বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া, প্ৰাক্তন ৰাষ্ট্ৰদূত বিনন্দ গগৈ, বিশিষ্ট নিবন্ধকাৰ ড• জয়কান্ত শৰ্মা আৰু অভিধান প্ৰণেতা সুমন্ত চলিহা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।