08/24/2019 - 19:50
in
নাজিৰাঃ আজি পুৱা প্ৰায় ১০ বজাত নাজিৰা আদৰ্শ আৰক্ষী থানাৰ অন্তৰ্গত কেটেকীবাৰী অঞ্চলত এজন প্ৰায় ৪৫ বছৰীয়া লম্পটৰ কামনাৰ বলি হ'ল এগৰাকী ৯ বছৰীয়া শিশু। ঘটনা মৰ্মে অঞ্চলটোৰ ৰেকিবুদ্দিন আলী ওৰফে ভাইটি আলীয়ে সমীপৰে এগৰাকী শিশুকক ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি সমীপৰ এখন হাবিলৈ বলপূৰ্বকভাৱে নি উপৰ্যুপৰি যৌন নিৰ্যাতন চলায়।
পাছত ঘটনাৰ বিষয়ে জানিব পাৰি অঞ্চলটোত চিঞৰ-বাখৰ হোৱাত স্থানীয় ৰাইজে লম্পট ৰেকিবুদ্দিন আলীক বিচাৰি হাবিৰ মাজত আত্মগোপন কৰি থকা অৱস্থাত বিয়লি আটক কৰি নাজিৰা আৰক্ষীক গতাই দিয়ে। আৰক্ষীয়ে কামনাৰ বলি হোৱা কণমানিজনীক চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে শিশুটিৰ স্বীকাৰোক্তি আৰু পৰিয়ালৰ এজাহাৰৰ ভিত্তিত লম্পট ৰেকিবুদ্দিন আলী ওৰফে ভাইটিৰ বিৰুদ্ধে ৩০৩/১৯ নম্বৰত এটা গোচৰ ৰুজু কৰে আৰু লম্পটটোক গ্ৰেপ্তাৰ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।