দুৰ্ধৰ্ষ চোৰৰ আটক মৈৰাবাৰী আৰক্ষীৰ

 08/24/2019 - 19:58

মৈৰাবাৰীঃ যোৱা ২ আগষ্টত মৈৰাবাৰী ছুমু ষ্টেণ্ডৰ পৰা মাৰুতি ভান গাড়ী এখন ভাড়া কৰি নি নগাঁও জিলাৰ ধিং থানা এলেকাধীন মাঠখলা নামৰ ঠাইডোখৰত চালকক হত্যাৰ চেষ্টা কৰি গাড়ী লৈ উধাও হোৱা দুৰ্ধৰ্ষ গাড়ী চোৰটোক যোৱা নিশা মৈৰাবাৰী আৰক্ষীয়ে নগাঁও জিলাৰ লংকা নখুটিৰ পৰা কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে মৈৰাবাৰী আৰক্ষীয়ে ঘটনা সংগঠিত হোৱাৰ দুদিনৰ ভিতৰতে চুৰি হোৱা গাড়ীখন নগাঁৱৰ পৰা জব্দ কৰিছিল যদিও পলাতক হৈ আছিল গাড়ী চোৰটো। সম্প্ৰতি মৈৰাবাৰী আৰক্ষীৰ জিম্মাত আছে গভাইত গাড়ী চোৰটো। নুৰুল ইছলাম নামৰ দুৰ্ধৰ্ষ চোৰটোৰ ঘৰ মৰিগাঁও জিলাৰ ৰংৰাই চাপৰিত বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।