মাৰ্ঘেৰিটা আৰক্ষী থানাৰ মৈত্ৰী আঁ‌চনি পৰিদৰ্শন মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মাৰ

 08/24/2019 - 20:07

মাৰ্ঘেৰিটাঃ অসম চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিশেষ পদক্ষেপ গ্ৰহণেৰে বিগত বৰ্ষত শুভাৰম্ভ হোৱা অসম আৰক্ষীৰ মৈত্ৰী আঁচনিৰ অধীনত মাৰ্ঘেৰিটা আৰক্ষী থানা গৃহ অত্যাধুনিক ৰূপত নিৰ্মাণ কৰি থকা হৈছে। লগতে আৰক্ষী থানা চৌহদত নিৰ্মাণ কৰি থকা  সুন্দৰ শিৱ মন্দিৰটিৰো আজি  নিৰ্মাণকাৰ্য্য পৰিদৰ্শন কৰে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ লগতে মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুনিন্দ্ৰ চমুৱাৰ সৈতে অঞ্চলটোৰ আইন-শৃংখলা সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আৰু গাঁওৰক্ষী বাহিনীৰ শক্তিশালীকৰণৰ সন্দৰ্ভত আলোচনা কৰে৷

উল্লেখ্য যে অসম অৰুণাচল প্ৰদেশৰ  সীমামূৰীয়া মাৰ্ঘেৰিটা আৰক্ষী থানাই এক বৃহৎ অঞ্চল  সামৰি উগ্ৰপন্থী বিৰোধী অভিযান তথা আন আন আইন শৃংখলাজনিত সমস্যাৰে মোকাবিলা কৰি আহিব লগা হৈছে। মাৰ্ঘেৰিটা আৰক্ষী থানাত পৰ্যাপ্ত পৰিমাণৰ আৰক্ষীৰ অভাৱে বিভিন্ন সময়ত সমস্যাৰ সৃষ্টি কৰি আহিছে।

এইক্ষেত্ৰত অসম আৰক্ষীৰ শীৰ্ষ মহলে মাৰ্ঘেৰিটা অঞ্চলটোৰ গুৰুত্ব বুজি অধিক আৰক্ষী বিষয়া তথা জোৱান নিযুক্তি দিবলৈ মাৰ্ঘেৰিটাৰ সচেতন মহলে দাবী উত্থাপন কৰিছে। উল্লেখ্য যে অসম চৰকাৰে আৰক্ষী থানাসমূহক অধিক গতিশীল কৰাৰ মানসেৰে ৰাজ্যৰ ৩৫৫ খন থানাক ‘মৈত্ৰী’ আঁচনিৰ অধীনত উন্নীত কৰাৰ লক্ষ্য স্থিৰ কৰি লোৱা হৈছে।

প্ৰথম পৰ্যায়ত ইয়াৰে ৭৩ খন থানাক অত্যাধুনিকভাৱে সজাই-পৰাই তোলাৰ বাবে ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে ইতিমধ্যে ১৮৯ কোটি টকা মুকলি কৰি দিছে। থানাসমূহক ‘গ্ৰীণ ফিল্ড আৰু ব্ৰাউন ফিল্ড’ ভাগত ভাগ কৰা হ’ব। গ্ৰীণ ফিল্ড আঁচনিত থানাসমূহ নতুনকৈ নিৰ্মাণ কৰা হ’ব আৰু ব্ৰাউন ফিল্ড আঁচনিত থানাসমূহ মেৰামতি কৰা হ’ব।

নতুনকৈ নিৰ্মাণ কৰা থানাসমূহত সভাকক্ষ, বিশেষভাৱে সক্ষম লোকৰ বাবে আৰু মহিলা-যুৱতীৰ বাবে বিশেষ কোঠা, ড্ৰাগছ আসক্ত আৰু শিশু অপৰাধীৰ বাবে বিশেষ কোঠাৰ উপৰি বিভিন্ন সা-সুবিধা উপলব্ধ হ’ব। তদুপৰি আৰক্ষী বিষয়া-কৰ্মচাৰীৰ মানসিকতা সলনিৰ বাবে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব বুলিও জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।