শিক্ষকে বিশেষভাৱে সক্ষম ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত টঙনা থানা ঘেৰাও ৰাইজৰ

 08/24/2019 - 20:14

কাকপথাৰঃ শিক্ষক সমাজক কলংকিত কৰাৰ এক বাতৰি পোহৰলৈ আহিছে কাকপথাৰৰ টঙনাত৷ এগৰাকী চতুৰ্থ শ্ৰেণীৰ বিশেষভাৱে সক্ষম ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ প্ৰতিবাদত টঙনা থানা ঘেৰাও কৰে স্থানীয় ৰাইজে৷ "চত্তেটিং প্ৰাথমিক বিদ্যালয়"ৰ প্ৰধান শিক্ষক গোলাপ মৰাণে ছাত্ৰীগৰাকীক প্ৰাৰ্থনা কৰা সময়ত কাৰ্যালয়লৈ মাতি নি গাত হাত দি যৌন নিৰ্যাতনৰ চেষ্টা চলায়৷

উপায়ন্তৰ হৈ ছাত্ৰীগৰাকীয়ে ৰূমৰ পৰা পলায়ন কৰে৷ পূৰ্বতেও ছাত্ৰীগৰাকীক শিক্ষকজনে এনে দৰে অসৎ চৰিতাৰ্থ পূৰণ কৰিবলৈ চেষ্টা চলোৱাৰ অভিযোগ কৰিছে ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃয়ে৷ ছাত্ৰীগৰাকীৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে টঙনা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নিৰ্যাতনকাৰী শিক্ষক গোলাপ মৰাণক৷

শিক্ষকজনক চাকৰিৰ পৰা নিলম্বন কৰাৰ লগতে ফাচীৰ দাবীত আজি টঙনা থানা ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে পৰিস্থিতি উত্তাল কৰি তোলে স্থানীয় ৰাইজে৷ এগৰাকী শিক্ষকে বিশেষভাৱে সক্ষম ছাত্ৰীক কৰা এনে ব্যৱহাৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত৷ ৰাইজৰ প্ৰশ্ন যে এগৰাকী শিক্ষাগুৰুৱে যদি এনে কু-কৰ্ম কৰে তেন্তে কণ কণ ছাত্ৰীসকলৰ ভৱিষ্যত কি হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।