সদৌ অসম সংখ‍্যালঘু ছাত্ৰ ইউনিয়নৰ সংবাদ মেল

 08/24/2019 - 20:25

গুৱাহাটীঃ গুৱাহাটীৰ মুখ‍্য কাৰ্যালয়ত সদৌ অসম সংখ‍্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে এখন সংবাদ মেল আয়োজন কৰে। এই সংবাদ মেলত উপস্থিত থাকে উপদেষ্টা আজিজুৰ ৰহমান সাধাৰন, সম্পাদক আব্দুল ৰহমান বিশ্বাস আৰু মোশ্বাৰফ হোছেইন কবিৰৰ লগতে বিষয়-ববীয়াসকল।

সংবাদ মেলত সংগঠনটোৱে কয় যে এনআৰচিৰ আৰম্ভণিৰ পৰাই আমছুৱে উচ্চতম ন‍্যায়ালয়ৰ প্ৰতি আস্থা আৰু বিশ্বাস ৰাখি আহিছে। ঐতিহাসিক অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৫ মাৰ্চৰ পূৰ্বৰ বৈধ শুদ্ধ নথি জমা দিয়া সকলো ভাৰতীয় নাগৰিকৰ নাম অন্তৰ্ভুক্তিৰে আৰু ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অসমত প্ৰৱেশ কৰা হিন্দু-মুছলমান কোনো অবৈধ বিদেশীৰ নাম অন্তৰ্ভুক্ত নকৰাকৈ এখন গ্ৰহণযোগ্য স্বচ্ছ, নিকা, শুদ্ধ আৰু সম্পূৰ্ণ বিদেশীমুক্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুত হ’ব বুলি আমছুৱে আশা প্ৰকাশ কৰে।

এনআৰচিত ১৯৭১ চনৰ ২৫ মাৰ্চৰ পূৰ্বৰ প্ৰকৃত ভাৰতীয় নাগৰিকৰ বৈধ-শুদ্ধ নথি পত্ৰ জমা দিয়া ব্যক্তিৰ নাম যদি উদ্দেশ্য প্ৰণোদিতভাৱে অন্তৰ্ভুক্ত নকৰে তেতিয়া আমছুৱে এনআৰচি কৰ্তৃপক্ষৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰিব বুলি ভাবুকি দিয়ে। লগতে সংগঠনটোৱে কয় যে এটা দুষ্ট চক্ৰই এনআৰচি শুদ্ধকৈ হোৱাতো বিচৰা নাই। ৩১ আগষ্টত এনআৰচি প্ৰকাশৰ পিছত কোনো পক্ষই যাতে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ সকলোকে আমছুৱে আহ্বান জনায়। লগতে এনআৰচিক লৈ কোনেও সাম্প্ৰদায়িক মন্তব্য নকৰে তথা শান্তি-শৃংখলা বিঘ্নিত কৰিব নোৱাৰে তাৰ প্ৰতি চৰকাৰক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।