ভক্তিৰসত মুখৰিত জামুগুৰিহাটৰ পাতলৰচুকঃ ২৬৪ বছৰীয়া পৰম্পৰাৰে সম্পন্ন হ'ল বোকাখেচা ভাওনা

 08/24/2019 - 20:30

জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাট নগৰখনৰ কেন্দ্ৰস্থলৰ পৰা পশ্চিমে প্ৰায় ডেৰ কিলোমিটাৰ নিলগতে অৱস্থিত পাতলৰচুক গাঁও৷ "নামঘৰ নগৰী"ৰূপে খ্যাত জামুগুৰিহাট অঞ্চলৰ ঐতিহ্যমণ্ডিত অনুষ্ঠান সমূহৰ সমান্তৰালকৈ অঞ্চলটোৰ পাতলচুক গাঁওখনেও ঐতিহ্যৰ ক্ষেত্ৰত এক সুকীয়া সাক্ষ্য বহন কৰিবলৈ সক্ষম হৈছে। বিগত বৰ্ষসমূহৰ দৰেই এই বেলিও পৰম্পৰা ৰক্ষা কৰি জামুগুৰিহাটৰ অন্তৰ্গত পাতলচুকত আজি ২৬৪ বছৰীয়া পৰম্পৰাৰে অনুষ্ঠিত হৈ যায় বোকাখেচা ভাওনা ভাগ।

উল্লেখযোগ্য যে জামুগুৰিহাটৰ পাতলৰচুক গাঁৱৰ নামঘৰত প্ৰতি বছৰে ৰাইজৰ সামূহিক প্ৰচেষ্টাত অনুষ্ঠিত হৈ অহা এই বোকাখেচা ভাওনাত ভাগ ল'বলৈ যেন বহু আশাৰে বাট চাই ৰয় অঞ্চলটোৰ কণ কণ শিশুৰ পৰা যুৱক-যুৱতী তথা বয়োজ্যেষ্ঠসকলেও। সেই বাবে বিগত বৰ্ষসমূহৰ গৌৰৱ অক্ষুন্ন ৰাখি ইতিমধ্যে ২৬৩ বৰ্ষ অতিক্ৰম কৰা আৰু এইবেলি ২৬৪ বৰ্ষীয় পৰম্পৰাৰে অনুষ্ঠিত হোৱা বোকাখেচা ভাওনা ভাগ উদযাপন কৰাৰ ক্ষেত্ৰত ৰাইজৰ মাজত বিগত কেইবাদিন ধৰি পৰিলক্ষিত হয় ব্যাপক উৎসাহ-উদ্দীপনা।

শুকুৰবাৰে পুৱা পাতলচুকৰ নামঘৰত প্ৰাতঃ প্ৰসংগ, উষা কীৰ্তন, নাম প্ৰসংগ আদিৰ পাছতে সন্ধিয়ালৈ ৰাইজে নামঘৰৰ প্ৰাংগণ তথা গাঁওখনৰ মাজেৰে পাৰ হৈ যোৱা পথছোৱাৰ ইমূৰৰ পৰা সিমূৰলৈ দুয়োকাষে বন্তি প্ৰজ্বলন কৰাৰ পাছতে হয় সান্ধ্য প্ৰসংগ। ইয়াৰ পাছতে নামঘৰত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আৰু নিশালৈ গোপাল আতা ৰচিত "শ্ৰীকৃষ্ণৰ জন্মযাত্ৰা" নাট ভাগ অনুষ্ঠিত হয়। ইয়াৰ পাছতে আজি পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হয় ২৬৪ বছৰীয়া গৌৰৱোজ্বল ইতিহাস সমৃদ্ধ বোকাখেচা ভাওনা।

এই বোকাখেচা ভাওনাৰ পৰম্পৰা অনুসৰি পাতলচুক গাঁৱৰ ৰাইজে উপবাসে থকাৰ পাছতে আজিৰ এই দিনটোতে নামঘৰৰ চৌহদত খন্দা এটা বৃহৎ গাঁতৰ বুকত গাখীৰ, দৈ, মাখন, ঘি, মৌ ৰস অৰ্থাৎ পঞ্চমৃতেৰে পবিত্ৰ কৰি লোৱা হয়। ইয়াৰ পাছতে বোকাত লুতুৰি-পুতুৰি হৈ গাঁওবাসী ভাৱৰীয়া ৰাইজে হৰিনাম গায় আৰু আৰু ভক্তপ্ৰাণ ৰাইজে এই বোকা কপালত লৈ ঘৰমুৱা হয়।

ৰাইজৰ বিশ্বাস অনুসৰি এই বোকা শিৰত ল'লে মনোবাঞ্ছা পূৰ্ণ হোৱাৰ উপৰি ৰাইজৰ নানান অপাই-অমংগল আদি দূৰ হয়। আনহাতে এইবেলি ২৬৪ বছৰীয়া পৰম্পৰাৰে আজি জামুগুৰিহাটৰ পাতলচুক গাঁৱৰ নামঘৰ প্ৰাংগণত বিয়লিৰ পৰা সন্ধিয়ালৈ অনুষ্ঠিত হোৱা এই বোকাখেচা ভাওনা বা নন্দোৎসৱস্থলীত অঞ্চলটোৰ লগতে দূৰ দূৰণিৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটাও পৰিলক্ষিত হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।