তীৰ্থ ভ্ৰমণলৈ গৈ চলন্ত ৰে’লৰ পৰা সন্ধানহীন অসমৰ মহিলা

 04/02/2019 - 18:52

গুৱাহাটীঃ আজাৰা আৰক্ষী থানাৰ অন্তৰ্গত ধাৰাপুৰৰ ললিতা মেধী নামৰ ৭২ বছৰীয়া মহিলাগৰাকী তীৰ্থ ভ্ৰমণলৈ গৈ বিগত ছয়দিন ধৰি বহিঃৰাজ্যত সন্ধানহীন হৈ থকাৰ ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

ধাৰাপুৰ আৰু খানামুখ অঞ্চলৰ এটা ২১ জনীয়া দলে তীৰ্থ ভ্ৰমণলৈ বুলি ৰে’লযোগে পুৰীলৈ যাত্ৰা কৰে। কিন্তু অতি ৰহস্যজনকভাৱে চলন্ত ৰে’লৰ পৰা মহিলাগৰাকী নিৰুদ্দেশ হয়। মহিলাগৰাকী কেনেকৈ চলন্ত ৰে’লৰ পৰা নিৰুদ্দেশ হ’ল সেয়া অতি ৰহস্যৰ বিষয়।

যোৱা ২৮ মাৰ্চৰ পুৱা ৰে’লখন পুৰী ষ্টেচনত উপস্থিত হোৱাত এই ঘটনা সন্দৰ্ভত সংগীবৃন্দই ৰেল আৰক্ষীক সকলো কথা অবগত কৰে। কিন্তু বৰ্তমানলৈকে আৰক্ষীয়ে নিৰুদ্দেশ হোৱা মহিলাগৰাকীৰ সন্ধান উলিয়াব পৰা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।