শ্ৰীৰামপুৰত উত্তপ্ত পৰিস্থিতিঃ বিদ্যুৎ উপ সংমণ্ডলৰ এছডিঅ’ক আৱদ্ধ

 08/24/2019 - 20:59

শ্ৰীৰামপুৰঃ এফালে উৎকট গৰম আৰু আনপিনে সঘনাই লোড শ্বেডিঙত অতিষ্ঠ হৈ পৰিছে ৰাইজ। তেনে সময়ত আজি গোসাঁইগাঁও মহকুমা উপ সংমণ্ডল বিষয়াই শ্ৰীৰামপুৰত উপস্থিত হৈ মানুহৰ বিদ্যুৎ সংযোগ কাটি দিয়ে। ইয়াক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। জানিব পৰা মতে গোসাঁইগাঁও বিদ্যুৎ উপ সংমণ্ডল বিষয়াৰ নেতৃত্বত আজি বিয়লি বিদ্যুৎ বিভাগৰ দল এটাই গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত উপস্থিত হয়। উক্ত বিভাগীয় বিষয়া কর্মীয়ে শ্ৰীৰামপুৰত আহি এফালৰ পৰা বিদ্যুৎ সংযোগ কাটি দিবলৈ আৰম্ভ কৰে। বিদ্যুৎ বিল সম্পূৰ্ণ পৰিশোধ কৰাৰ পিছতো বিদ্যুৎ সংযোগ কাটি দিয়াক কেন্দ্ৰ কৰি উত্তেজনাৰ সৃষ্টি হয়।

দিনৰ ডেৰ-দুই ঘণ্টা বিদ্যুৎ যোগান ধৰি ৰাইজক জলা কলা খুওৱা বিভাগৰ এনে কৰ্ম কাণ্ডৰ বিৰুদ্ধে ৰাইজ জাঙুৰ খাই উঠে আৰু মহকুমা বিদ্যুৎ উপ সংমণ্ডল বিষয়াগৰাকীৰ বাহন আৱদ্ধ কৰি উত্তাল কৰি তোলে। পৰিস্থিতি অধিক উত্তপ্ত হোৱাত শিমূলটাপূ আৰক্ষী চকীৰ আৰক্ষী বিষয়া জীৱন দৈমাৰী ঘটনাস্থলীত উপস্থিত হৈ ৰাইজক বুজনি দি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। পিছত বিদ্যুৎ বিভাগে বিল পৰিশোধ কৰা গ্ৰহকক পুনৰ বিদ্যুৎ সংযোগ কৰি দিয়ে। নিয়মিত বিদ্যুৎ যোগান ধৰিব নোৱাৰা বিভাগটোৰ তেনে কাম কাজে ৰাইজক তিক্ত কৰি তুলিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।