নাৰায়ণপুৰত বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱস উদযাপন

 08/25/2019 - 14:24

নাৰায়ণপুৰঃ অসমৰ অন্যান্য ঠাইৰ লগতে শনিবাৰে লখিমপুৰ জিলাৰ নাৰায়নপুৰ শ্ৰীশ্ৰী সক্ৰাহী সত্ৰত উলহ-মালহৰে ৫৫ সংখ্যক বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱস ভাগি উদযাপনৰ লগতে শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী অনুস্থান ভাগিও পালন কৰে। বিশ্ব হিন্দু পৰিষদৰ নাৰায়ণপুৰ প্ৰখণ্ডৰ সৌজন্যত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানৰ পুৱা বৃক্ষ বন্ধু লীলা হাজৰিকাই গছপুলি ৰোপণ কৰা পাছতে নাৰায়ণপুৰ প্ৰখণ্ডৰ সভাপতি বীৰন শৰ্মাই পৰিষদৰ ধ্বজ্জা উত্তোলন কৰে।

উক্ত অনুষ্ঠানত মুখ্য কাৰ্যসূচী হিচাপে বিশ্ব হিন্দু পৰিষদৰ নাৰায়ণপুৰ প্ৰখণ্ডৰ প্ৰাক্তন সভাপতি গিৰীশ গোস্বামীয়ে গো পূজন আৰু বন্তি প্ৰজ্বলন কৰে। এই উদ্দেশ্যে ঐতিহাসিক সক্ৰাহী সত্ৰৰ নামঘৰীয়া ইন্দ্ৰ বৰাই নাম প্ৰসঙ্গৰে আঁত ধৰাৰ পাছতে নাৰায়ণপুৰ প্ৰখণ্ডৰ বৰ্তমানৰ সভাপতি বীৰেন শৰ্মাৰ সঞ্চালনাত এখনি মুকলি সভা অনুষ্ঠিত হয়।

উল্লেখযোগ্য যে বিশ্ব হিন্দু পৰিষদৰ একান্ত সেৱক গিৰীশ গোস্বামীয়ে উদ্বোধন কৰা সভাত বিশ্ব হিন্দু পৰিষদৰ সেৱক তথা উপদেষ্টা সুনীল কুমাৰ বৰা, মঞ্জু কুমাৰ দেউৰী, সক্ৰাহী সত্ৰৰ মুক্তিয়াৰ খগেশ্বৰ ভূঞা, নাৰায়ণপুৰ নগৰ সমিতিৰ প্ৰাক্তন সভাপতি হৰিশ চন্দক আদি বিশিষ্ট বিষয়ববীয়াই অংশগ্ৰহণ কৰা সভাত নাৰায়নপুৰ প্ৰখণ্ডৰ সম্পাদক পূৰ্ণজিৎ দেউৰীয়ে সভাৰ আঁত ধৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।