08/25/2019 - 14:29
in
টিহুঃ টিহু আঞ্চলিক আছুৰ কাৰ্যালয়ত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাক কেন্দ্ৰ কৰি অব্যাহত আছে তীব্ৰ প্ৰতিবাদ। পাঁচ দিন উকলি যোোৱাৰ পিছতো অগ্নিসংযোগ ঘটনাৰ লগত জড়িত দোষীক কৰায়ত্ব কৰাত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে টিহু আৰক্ষী। দোষীক কৰায়ত্ব কৰাৰ দাবীত শনিবাৰে সন্ধিয়া টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ দুই শতাধিক সদস্যই বৃহৎ জোঁৰ সমদলৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰীসকলে টিহু আছুৰ মুখ্য কাৰ্যালয়ৰ পৰা বাহিৰ কৰা এই বৃহৎ জোঁৰ সমদল টিহু নগৰৰ ৰাজপথেৰে গৈ পুনৰ ঘুৰি আহি আছুৰ মুখ্য কাৰ্যালয়ত সমাপ্ত কৰে। প্ৰতিবাদকাৰীসকলে টিহু আৰক্ষী হায় হায়, দুষ্ট চক্ৰ নিপাত যাওক আদি বিভিন্ন শ্লোগানেৰে টিহুৰ আকাশ বতাহ কঁপাই তোলে। যদি প্ৰতিবাদৰ পিছতো অতিশীঘ্ৰে দোষীক কৰায়ত্ব নকৰে তেন্তে পৰৱৰ্তী সময়ত ভয়াৱহ আন্দোলন গঢ়ি তুলিব বুলি আছুৱে হুংকাৰ দিয়ে।