ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটৰ বাৰ্ষিক প্ৰতিনিধি সভা

 08/25/2019 - 14:39

ডিব্ৰুগড়ঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ "আছু" গোটৰ বাৰ্ষিক প্ৰতিনিধি সভা আজি বিশ্ব বিদ্যালয়ৰ ন্যায়িক অধ্যয়ন কেন্দ্ৰৰ সভা কক্ষত আছু গোটৰ সভাপতি হেমন্ত কোঁচৰ সভাপতিত্বত অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়ৰ তিনি শতাধিক নৱাগত ছাত্র-ছাত্ৰীয়ে আছুৰ পবিত্ৰ সংবিধানৰ শপত লয় আৰু আনুষ্ঠানিকভাবে সদৌ অসম ছাত্ৰ সন্থাৰ সদস্য হয়। উক্ত সভাত আছুৰ প্ৰাক্তন কেন্দ্ৰীয় ছাত্র নেতা তথা বৰ্তমানৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুটীয়া পঞ্জীয়ক(প্ৰশাসন) ড° পৰমানন্দ সোণোৱালে সভা উদ্বোধন কৰি সেই সময়ৰ আছুৰ কথা কয়।

আছুৰ প্ৰাক্তন কেন্দ্ৰীয় সমিতিৰ সদস্য তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্র পৰিক্ৰমাৰ প্ৰাক্তন গুৰু তথা পৰিসংখ্যা বিভাগৰ মুৰব্বী অধ্যাপক ড° জিতেন হাজৰিকা নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি ছাত্ৰসন্থাৰ ভৱিষ্যত কৰ্মসূচী নিয়াৰিকৈ সম্পাদন কৰিবৰ বাবে আহ্বান জনায়।

এসময়ৰ লখিমপুৰ জিলা ছাত্র সন্থাৰ নেত্ৰী বৰ্তমানৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ড° পল্লৱী ডেকা বুজৰবৰুৱা মুখ্য অতিথিৰূপে উপস্থিত থাকি আছুৰ কৰ্মৰাজী আৰু নিজৰ শৈক্ষিক দিশ সমানে আগুৱাই নিবৰ বাবে আহ্বান জনায়। আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য উদ্দীপ জ্যোতি গগৈয়ে ছাত্ৰ সন্থাৰ দৃষ্টিভঙ্গী আগবঢ়ায়। বিষয় বাচনি সভাত অংকুৰ প্ৰতিম গগৈক সভাপতি আৰু দেৱৰাজ গোস্বামী সম্পাদক হিচাপে ৪১ জনীয়া কাৰ্যনিৰ্বাহ সমিতি গঠন কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।