শ্বহীদ গৌৰাঙ্গ মণ্ডলৰ ২২ সংখ্যক মৃত্যু তিথি পালন

 04/02/2019 - 20:18

তামুলপুৰ: অসমৰ কোনো জাতিৰ ক্ষতি কৰা নাই হিন্দু বাঙালী সকলে। গতিকে চৰকাৰে বাঙালীসকলক নাগৰিকত্ব প্ৰদান কৰিব লাগিব। যোৱা তিনি বছৰ ধৰি হিন্দু বাঙালীসকলে ডি-ভোটাৰ, এনআৰচি আদি বিষয়লৈ নানা সমস্যাৰ সন্মুখীন হৈ আহিছে। কোনো ৰাজনৈতিক নেতা, দল, সংগঠনে এই বিষয়বোৰ সমাধান কৰাৰ বাবে বিশেষ গুৰুত্ব দিয়া নাই।

এই বাঙালীসকল কোনো শত্ৰুৰ ওচৰত শিৰনত কৰা জাতি নহয়। গতিকে বাঙালী সংগঠনসমূহ বিভক্ত নহৈ ঐক্যবদ্ধভাবে সমস্যা সমূহৰ সমাধানৰ বাবে সজোৰে দাবী উত্থাপন কৰা উচিত। এই ক্ষেত্ৰত সদৌ অসম বাঙালী যুৱ ছাত্র ফেডাৰেচনে সহায় কৰিবলৈ সাজু আছে। এই ভাষ্য সদৌ অসম বাঙালী যুৱ ছাত্র ফেডাৰচনৰ কেন্দ্ৰীয় সভাপতি দীপক দেৰ।

শ্বহীদ গৌৰাঙ্গ মণ্ডলৰ ২২ সংখ্যক মৃত্যু দিৱস পালন অনুষ্ঠানত উপস্থিত থাকি তেওঁ আৰু কয় যে, অসমত উগ্ৰ জাতীয়তাবাদৰ সৃষ্টি হৈছে হিন্দু বাঙালীসকলক ধ্বংস কৰাৰ বাবে। গতিকে বাঙালী সংগঠনসমূহে নিজৰ মাজত ভাতৃত্ববোধ সৃষ্টি কৰি মিলাপ্ৰীতিৰে ঐক্যবদ্ধ হৈ থকা উচিত। সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰচনৰ অবিভক্ত নলবাৰী জিলাৰ প্ৰাক্তন সম্পাদক শ্বহীদ গৌৰাঙ্গ মণ্ডলৰ ২২ সংখ্যক মৃত্যু দিৱসত উপস্থিত থাকি এনেদৰে মন্তব্য কৰে দীপক দেই। আবেলি দুই বজাত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ বাক্সা জিলা সমিতিৰ সভাপতি অধীৰ আৰ্যৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্যে বাখ্যা কৰে বাক্সা জিলা সমিতিৰ সাধাৰণ সম্পাদক পৰিমল শীলে।

সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বি টি চিৰ মঠনগুৰি পৰিষদীয় সমষ্টিৰ এম চিএল এ গৌতম দাসে ভাষণ প্ৰসংগত কয় যে, বাঙালী লোকসকলৰ বিভিন্ন সমস্যা আছে। এই সমস্যাসমুহ সমাধান হোৱা উচিত। সদৌ অসম বাঙালী যুৱ ছাত্র ফেডাৰেচনৰ বি টি চি ক্ষেত্ৰীয় সমিতিৰ গোপাল ঘোষে কয়, সকলো বাঙালী যুৱ ছাত্র ফেডাৰচন বিভক্ত নহৈ সকলোৱে ঐক্যবদ্ধভাবে জাতিৰ হকে কাম কৰা উচিত।

কোনে কি দলৰ হৈ কাম কৰে সেয়া ডাঙৰ কথা নহয়। কিন্তু জাতি হকে কাম কৰাটো ডাঙৰ কথা। ইপিনে, ১৯৬৫ চনত জন্মগ্ৰহণ কৰা গৌৰাঙ্গ মণ্ডলে সদৌ অসম বাঙালী যুৱ ছাত্র ফেডাৰচনৰ কুমাৰীকাটা আঞ্চলিক সমিতিৰ প্ৰচাৰ সম্পাদকৰ দায়িত্ব পালন কৰাৰ পিছত নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্বত লৈ দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰি থকা সময়তে ১৯৯৭ চনৰ ১ এপ্ৰিলৰ দিনা দুষ্কৃতিকাৰীয়ে নৃশংসভাবে হত্যা কৰিছিল।

ফেডাৰেচনৰ বাক্সা জিলা সমিতিৰ উদ্যোগত লক্ষীনাৰায়ণপুৰত নৱজ্যোতি সংঘৰ সহযোগত আয়োজন কৰা অনুষ্ঠানৰ আৰম্ভণিতে কালি সদৌ বি টি চি বাঙালী যুৱ ছাত্র ফেডাৰেচনৰ প্ৰাক্তন সভাপতি সুচিল দাসে ফেডাৰেচনৰ পতাকা উত্তোলন কৰি দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানত শ্বহীদগৰাকীৰ ভাতৃও উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।