লখিমপুৰ আৰক্ষীৰ বৃহৎ সাফল্য

 08/25/2019 - 14:57

লখিমপুৰঃ লখিমপুৰৰ অসম-অৰুণাচল সীমান্তক কেন্দ্ৰ কৰি সমগ্ৰ উত্তৰ অসমতেই গঢ় লৈ উঠিছে গাঞ্জাৰ এক বিশাল সাম্ৰাজ্য৷ যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া গাঞ্জাৰ বিৰুদ্ধে লখিমপুৰত আৰক্ষীয়ে চলাইছে ধাৰাবাহিক অভিযান৷ বিগত কিছুদিনত লখিমপুৰত আৰক্ষীয়ে কেবাজনো গাঞ্জা ব্যৱসায়ীক গ্ৰেপ্তাৰৰ লগতে জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ গাঞ্জা৷

শনিবাৰে নিশা লখিমপুৰৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত কদম চিয়াজুলী পথত চলিল আৰক্ষীৰ অভিযান৷ ASP (HQ) প্ৰণৱ কুমাৰ পেগু, ডিএছপি (border) ফাৰুক আহমেদৰ নেতৃত্বত বগীনদী থানাৰ অ’চি প্ৰিয়ব্ৰত গগৈ আৰু এছআই দিগন্ত হালৈৰ সহযোগত চলা অভিযানত আৰক্ষীয়ে কদম চিয়াজুলী পথৰ কদম টেঙাবস্তিৰ পৰা AS -07-M- 9661 নম্বৰৰ এখন Suzuki celerio বাহনত অনা ১০৪ কেজি ৬৫ গ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে বগীনদী থানাৰ অন্তৰ্গত চিয়াজুলী হিন্দু মাজগাঁৱৰ নিবাসী শৰৎ দত্ত (৩০) আৰু ৰাজেশ মুণ্ডা (২৭) নামৰ দুই কুখ্যাত গাঞ্জা ব্যৱসায়ীকো আটক কৰিবলৈ সক্ষম হয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।