কামপুৰত লোমহৰ্ষক হত্যাকাণ্ড

 08/25/2019 - 15:04

কামপুৰঃ পাঁচ বছৰীয়া প্ৰেমৰ কৰুণ পৰিণতিত এক চাঞ্চল্যকৰ আৰু লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰি গ'ল নগাওঁ জিলাৰ কঠিয়াতলী। জানিব পৰা মতে, কঠিয়াতলী টুবুকী গ্ৰাণ্টৰ আফটাৰ হুচেইন নামৰ যুৱকজনে গাঁৱৰে এগৰাকী যুৱতীৰ লগত পাঁচ বছৰ ধৰি প্ৰেম কৰি আহিছিল। কিন্তু সিহঁতৰ প্ৰেমক স্বীকৃতি দিয়া নাছিল দুয়োখন ঘৰে। এই লৈ দুয়োটা পৰিয়ালৰ মাজত শনিবাৰৰ নিশা সংঘৰ্ষ সৃষ্টি হয় আৰু সংঘৰ্ষত দাৰে ঘপিয়াই হত্যা কৰে ককাক মমনাচ আলিক। কঠিয়াতলি আৰক্ষী চকীত মৃতদেহ লৈ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তিৰ দাবী জনাই স্থানীয় লোকে। দুগৰাকী মহিলা সহ অভিযুক্ত কেইজন ক্ৰমে আব্দুল চহিদ, কিচমত আলী, কেৰামত আলী, হজৰত আলী, মুক্তাৰ হোছেইন ওৱাহিদা খাতুন আৰু ৰবিনা খাতুন বুলি জানিব পৰা গৈছে। কঠিয়াতলি আৰক্ষী চকীত এজাহাৰ দাখিল নিহত পৰিয়ালে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।