08/25/2019 - 15:12
in
খাৰিজা বিজনীঃ ভূত বাংলাত পৰিণত হৈছে জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহণ দৈমাৰীৰ পানীযোগান আঁচনি৷ চৰকাৰী ধনৰ অপচয় ঘটাই নিৰ্মাণ কৰা পানীযোগান আঁচনিৰ গৃহ পৰিবৰ্তিত হৈছে গোহালীলৈ৷ এই ঘটনা সংঘটিত হৈছে বাক্সাৰ খাৰিজা বিজনী মৌজাৰ কাজিয়ামাটি পথাৰত৷ প্ৰায় ২০ বছৰ ধৰি পৰিতক্ত অৱস্থাত থকা পানীযোগান আঁচনিৰ গৃহ আগুৰি ধৰিছে বন-জংঘলে৷
যি সময়ত এটোপাল বিশুদ্ধ খোৱাপানীৰ বাবে অঞ্চলবাসীয়ে হাহাকাৰ কৰিছে হৈছে ঠিক তেনে সময়তে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিটিচি চৰকাৰ তথা অসম চৰকাৰৰ চূড়ান্ত দায়িত্বহীনতা আৰু অৱহেলাৰ বাবে স্তব্ধ হৈ গৈছে পানীযোগান আঁচনিখন৷ শীঘ্ৰেই পানীযোগান আঁচনিখন পুনৰ মুকলি কৰি ৰাইজৰ বিশুদ্ধ খোৱাপানীৰ যোগান ধৰিবলৈ চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজে৷