চামগুৰিত নকল টকা ছপা কৰা অসাধু চক্ৰ উৎখাত আৰক্ষীৰ

 08/25/2019 - 15:21

চামগুৰিঃ নগাঁৱৰ চামগুৰিত শনিবাৰে নিশা নকল টকা ছপা কৰা এটা বৃহৎ অসাধু চক্ৰ আৰক্ষীৰ এটা দলে উৎখাত কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ'জী কলিতাৰ নেতৃত্বত চামগুৰি আৰু নগাঁও সদৰ আৰক্ষীৰ যৌথ অভিযানত আৰক্ষীৰ দলটোৱে উৎখাত কৰে বৃহৎ চক্ৰটো।

গোপন সূত্ৰৰ পম খেদি আৰক্ষীৰ দলটোৱে চামগুৰিৰ গেন্ধালি-বেবেজীয়া, সোণাৰিবালি আৰু আমনিত পুৱতি নিশা প্ৰায় ৪ বজা পৰ্য্যন্ত চলাইছিল ব্যাপক অভিযান।

অভিযান কালত আৰক্ষীৰ দলটোৱে গেন্ধালি বেবেজীয়া গাঁৱৰ পৰা ক্ষীৰোদ বৰগোহাঁই, মহিম গগৈৰ লগতে সোণাৰিবালিৰ পৰা কামাল উদ্দীন আৰু আমনিৰ এখন হোটেলৰ পৰা লক্ষীমপুৰৰ বিহপুৰীয়াৰ সুৰুজ আলী, ৰছিদ আলী আৰু বিল্লাল হুছেইনকে ধৰি মুঠ ছয় জন লোকক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে অভিযানকাৰী দলটোৱে এটা নকল টকা ছপা কৰা অত্যাধুনিক মেচিন, নগদ প্ৰায় নকল ১২লক্ষাধিক ৫০০ টকাৰ নোটৰ বাণ্ডেল, এখন মটৰ চাইকেলসহ কেইবাটাও ম'বাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়। বিগত বহু দিন ধৰি ধৃত চক্ৰটোৱে চামগুৰিৰ গেন্ধালি বেবেজীয়াৰ ক্ষীৰোদ বুঢ়াগোহাঁইৰ এটা ঘৰ ভাৰাত লৈ দীৰ্ঘদিন ধৰি নকল টকা ছপা কৰাৰ ৰমৰমীয়া বেহা চলাই আহিছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।