খোৱাঙত খয়েৰ কাঠভৰ্তি নাম্বাৰ প্লেটবিহীন ট্ৰাক জব্দ

 08/25/2019 - 15:42

খোৱাংঃ অপৰাধ আৰু অপৰাধীৰ এক বিচৰণ স্থলী হৈ পৰিছে উজনিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। ঘাইপথটো ইতিমধ্যে ৰাইজৰ মাজত চোৰাং ব্যৱসায়ৰ পথ হিচাপে চিহ্নিত হৈ পৰিছে। নিশা হ'লেই নিৰ্বিঘ্নে পাৰ হৈ যায় বহু চোৰাং সামগ্ৰী কঢ়িয়াই অনা গাড়ী। পথত নাথাকে কোনো আৰক্ষীৰ তালাচী। আৰু থাকিলেও বুজাবুজি মাজেৰে পাৰ হৈ যায় বহু চোৰাং গাড়ী।

শেহতীয়াকৈ শুকুৰবাৰে নিশা খোৱাঙৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নাম্বাৰ প্লেট খুলি অনা এখন খয়েৰ কাঠ ভৰ্তি পঞ্জাব বডী ট্ৰাক খোৱাং আৰক্ষীয়ে জব্দ কৰা বিষয়টোৱে পোহৰলৈ আনিছে বহু গোপন তথ্য। খয়েৰ কাঠভৰ্তি নাম্বাৰ প্লেটবিহীন ট্ৰাকখনৰ বডীত যিটো নাম্বাৰ লিখা আছিল তাকো কলা গ্ৰীচ দি মোহাৰি আনিছিল।

ট্ৰাকখনৰ ড্ৰাইভাৰক গ্ৰেপ্তাৰ কৰাৰ লগতে খয়েৰ কাঠ ভৰ্তি ট্ৰাকখন বন বিভাগে নিজৰ জিন্মাত ৰাখিছে যদিও সাংবাদিকৰ আগত খোৱাং আঞ্চলিক বন বিষয়াজনে কোটি টকাৰ খয়েৰ কাঠ থকা গাড়ীখনত মাত্ৰ ২০ লাখ টকাৰ কাঠ আছে বুলি কোৱা বিষয়টোৱে ৰহস্য সৃষ্টি কৰিছে। ইফালে অৰুণাচলৰ ৰূপাই পৰা দিল্লীলৈ বুলি আনি থকা নথি পত্ৰ বিহীন কাঠখিনি ঘাইপথেৰে কোনো আৰক্ষী বা বন বিভাগৰ চকুত নপৰাকৈ কেনেকৈ খোৱাং পালেহি সচেতন মহলৰ মাজত প্ৰশ্ন উত্থাপন হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।