ৰহাৰ গীৰ্জাঘৰত চুৰিকাণ্ড

 08/25/2019 - 15:50

ৰহাঃ মন্দিৰ, নামঘৰ আদিৰ পিছত এইবাৰ গীৰ্জাঘৰত চুৰি। ৰহাৰ গছপৰা গাৰোগাঁৱত গীৰ্জা ঘৰত সংঘটিত হৈছে এই চুৰিকাণ্ড। শনিবাৰে নিশা দুৰ্বৃত্তই গছপৰা গাৰোগাঁৱত থকা গীৰ্জা ঘৰটোৰ দুৱাৰৰ তলা ভাঙি ভিতৰত প্ৰবেশ কৰি চুৰি কৰি নিলে ইনভাৰ্টাৰ, দানপাত্ৰত থকা ছয় হাজাৰ টকা, গীৰ্জাৰ ঘণ্টাকে ধৰি অন্যান্য মূল্যবান সা-সামগ্ৰী।

পুৱা চুৰিকাণ্ড পোহৰলৈ অহাত স্থানীয় খ্ৰীষ্টান ধৰ্মালম্বী লোকসকলে আমচৈ আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ইতিমধ্যে অনুসন্ধান আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত কোনো দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।