উত্তৰ গুৱাহাটীত পানী আৰু বিজুলীৰ লুকাভাকুৱে জ্বলাকলা খুৱাইছে ৰাইজক

 04/02/2019 - 20:32

উত্তৰ গুৱাহাটী: অসমৰ ভিতৰতে এক নং উন্নত সমষ্টিৰূপে স্বীকৃতিপ্ৰাপ্ত তথা মোডীৰ গুজৰাটতকৈ জাকত জিলিকা বুলি কোৱা জালুকবাৰী সমষ্টিৰ অন্তৰ্গত উত্তৰ গুৱাহাটীত এটুপি খোৱাপানীৰ বাবে সৰ্বসাধাৰণ ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে।

ঠিক সেইদৰে যোৱা কেইদিনমানৰ পৰা বিজুলীৰ লুকাভাকুৱে অতিষ্ঠ কৰি তুলিছে অঞ্চলবাসীক। মন্ত্ৰী হিমন্ত বিশ্বই প্ৰতিনিধিত্ব কৰা সমষ্টিটোৰ এই অঞ্চলটোত যোৱা এসপ্তাহ ধৰি বিজুলীয়ে সমস্যাৰ সৃষ্টি কৰাৰ লগতে খোৱাপানীৰ অভাবত সমগ্ৰ অঞ্চলটোৰ জনতা বৰ্তমান অতিষ্ঠ হৈ পৰিছে।

ভুক্তভোগী জনতাই পানী যোগান ব্যৱস্থা, বিজুলী যোগান নিয়মীয়াকৰণৰ বাবে স্হানীয় বিধায়কগৰাকীৰ প্ৰত্যক্ষ হস্তক্ষেপ দাবী কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।