বিহালীঃ ৰাজ্যত এতিয়াও বাঁহৰ সাঁকোৱেদি ৰাইজে দৈনিক চলাচল কৰি থকা ঘটনাৰ সমান্তৰালকৈ বিশ্বনাথ বিধানসভা সমষ্টিটো শেহতীয়াকৈ এখন বাঁহৰ সাঁকোৱেদি বিপদসংকুল যাত্ৰা কৰিবলগীয়া হৈছে স্থানীয় ৰাইজে। বিশ্বনাথ বিধানসভা সমষ্টিৰ পাভৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত শামুকজুলি, ফুলবাৰী, চিমাং চাপৰি, বালুডাংগা আৰু ৰংফাৰ গাঁও সংযোগী পথটোৰ ওপৰত আছে এখন বাঁহৰ সাঁকো।
দীৰ্ঘদিন ধৰি ৰাইজে গাঁঠিৰ ধন খৰচ কৰি নিৰ্মাণ কিম্বা মেৰামতি কৰি আহিছে সাঁকোখন। ইফালে, বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে নিৰ্বাচনৰ আগত গৈ দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিকোপতি প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
অন্যহাতে গাঁওখনৰ প্ৰায় অৰ্দ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে দৈনিক এই সাঁকোখনেৰে বিপদসংকুল যাত্ৰা কৰে, একমাত্ৰ দলঙৰ দুৰৱস্থাৰ বাবেই জৰুৰীকালীন সেৱাসমুহৰ পৰাও বঞ্চিত ৰাইজৰ অভিযোগ যে গৰ্ভৱতী মহিলাই হওক, অন্যান্য ৰোগীয়ে হওক সকলোকে নিব লগা হয় সাঙীৰ জৰিয়তে। বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিধায়ক তথা পঞ্চায়ত প্ৰতিনিধিয়ে কিবা ব্যৱস্থা ল'বনে সেয়া অনাগত দিনতহে লক্ষ্যনীয় হ'ব।