মানকাচৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়নৰ সন্দৰ্ভত সজাগতা সভা

 08/25/2019 - 16:52

মানকাচৰঃ দঃশালমাৰা মানকাচৰ জিলাৰ ঝাউডাঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়নৰ সন্দৰ্ভত সজাগতা মুকলি সভাখন আজি গাম্ভীৰ্যপূৰ্ণভাবে অনুষ্ঠিত হয়। ঝাউডাঙা ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা সজাগতা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলাখনৰ ডিএছপি আৰিফ আহমেদ, সীমা সুৰক্ষা বাহিনীৰ সেনানায়কৰ লগতে কেইবাগৰাকীও বিষয় ববীয়া উপস্থিত থাকে।

সভাত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়নৰ পূৰ্ণাংগ তালিকা প্ৰকাশৰ সম্পৰ্কত জিলাখনৰ ডিএছপি আৰিফ আহমেদে কয় যে ৩১ আগষ্টত প্ৰকাশ হ’ব লগা এনআৰচিৰ পূৰ্ণাংগ তালিকাত যদিহে কোনো নাগৰিকৰ নাম কেনেবাকৈ থাকি নাযায় তাৰ কাৰণে কোনোধৰণৰ শংকা কৰিব নালাগে।

এই সম্পৰ্কত যাতে ৰাইজৰ মাজত ভুল বুজাবুজি নহয় তাৰ বাবে আজিৰ সভাত উপস্থিত থকা ৰাইজৰ জৰিয়তে সকলো শ্ৰেণীৰ জনসাধাৰণলৈ আহ্বান জনায় আৰু লগতে ৩১ তাৰিখে প্ৰকাশ হ’ব লগা পূৰ্ণাংগ তালিকাক লৈ যাতে কোনো অশুভ শক্তিয়ে অপপ্ৰচাৰ ৰাইজৰ মাজত চলাই বিভ্ৰান্তিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি সকলো ৰাইজক সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বাবান জনায়।

উল্লেখ্য যে সভাত সচেতন নাগৰিকসকলে এনআৰচিৰ পূৰ্ণাংগ তালিকা প্ৰকাশ হোৱাৰ পাছত ৰাইজৰ নাম কেনেবাকৈ বাদ পৰিলে কিবা জটিলতাৰ পৰিস্থিতি সৃষ্টি হ’ব নেকি প্ৰশ্ন কৰাত জিলা আৰক্ষী বিষয়াসকলে এনআৰচিৰ তালিকা প্ৰকাশৰ পাছত কাৰোবাৰ নাম বাদ পৰিলেও চিন্তাৰ কোনো কাৰণ নাই বুলি কয়। এই ক্ষেত্ৰত কোনো ভাৰতীয় নাগৰিকে চিন্তা কৰিব লগা নাই বুলিও কয় জিলা প্ৰশাসনৰ বিষয়াসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।