ডিগবৈঃ বুঢ়ীদিহিং নৈৰ ব্যাপক গৰাখহনীয়াৰ কৱলত পৰা কেইবাখনো গাঁও পৰিদৰ্শন কৰি স্থানীয় ভুক্তভোগী ৰাইজৰ সৈতে মত বিনিময় কৰিলে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ মুগং পথাৰ শাখা সমিতিৰ প্ৰায় ২০ জনীয়া এটা সজাতী দলে। বছৰ বছৰ ধৰি বুঢ়ীদিহিং নৈৰ পানীয়ে ভয়ানক ৰূপ ধাৰণ কৰি সেই গাঁওসমূহত গৰাখহনীয়াৰ সৃষ্টি কৰে। যাৰ ফলত টেকেৰী নামচাই, মুগং পথাৰ, ইনথেম নগাপথাৰ আদি গাৱৰ বুঢ়ীদিহিং নৈৰ ভয়াবহ ৰূপত ৰাইজে ঘৰ বাৰী এৰি পলায়ন কৰি বেলেগত আশ্ৰয় ল'ব লগা হয়।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা প্ৰচাৰ সম্পাদক দেৱজিৎ সোণাৰ আৰু শাখা সভাপতি-সম্পাদক ক্ৰমে শান্তিৰাম সোণাৰ আৰু টংক ফুকনৰ নেতৃত্বত টেকেৰী নামচাই, মুগং পথাৰ, ইনথেম নগাপথাৰ আদি গাৱৰ বুঢ়ীদিহিং নৈৰ ভয়াবহ গৰাখহনীয়া পৰিদৰ্শন কৰি গৰাখহনীয়াৰ ফলত ক্ষতিগ্রস্ত নৈপৰীয়া ৰাইজৰ সৈতে মত বিনিময় কৰাত কোনো দিনে চৰকাৰে সেই অঞ্চলৰ ৰাইজৰ দুখ দুদৰ্খাৰ খবৰ ল'বলৈ এই গাঁওসমূহত উপস্থিত নোহোৱাৰ বিষয়ে ক্ষোভ উজাৰে।