লখিমপুৰত যুৱকৰ আত্মহত্যা

 08/25/2019 - 17:37

লখিমপুৰঃ আজি লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত কদম বাগান গাঁৱৰ নিবাসী এগৰাকী লোকে আত্মহত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলতে চাঞ্চল্যই বিৰাজ কৰিছে৷ কদম বাগান গাঁৱৰ দিজেন কলিতাৰ পুত্ৰ দিপক কলিতাই (২৭) আজি পুৱা ৯ মান বজাত নিজ গৃহত চিপজৰী লৈ আত্মহত্যা কৰে৷

জানিব পৰামতে দিপক কলিতাই চিপ লৈ থকা অৱস্থাতে সম্পৰ্কীয় এগৰাকীয়ে প্ৰত্যক্ষ কৰি হুলস্থুল কৰাত ঘৰৰ মানুহ আহি লৰালৰিকৈ চিপৰ পৰা নমাইহি যদিও দিপকৰ মৃত্যু ঘটে৷ পৰিয়ালৰ লোকে বগীনদী আৰক্ষীক খবৰ দিয়াত দণ্ডাধীশৰ নেতৃত্বত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ আনহাতে দিপক কলিতাৰ পকেটত এখন চুইচাইড নোট উদ্ধাৰ কৰে আৰক্ষীয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।