আজি অসমত নিৰ্বাচনী প্ৰচাৰ চলাব ৰাহুলে

 04/03/2019 - 11:40

ডিজিটেল ডেস্ক: আজি অসমলৈ আহিব কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী। আজি নাগালেণ্ড আৰু অসমত নিৰ্বাচনী প্ৰচাৰ চলাব কংগ্ৰেছ সভাপতিগৰাকীয়ে। কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ৰাহুলে। আজি ১০.৪৫ বজাত তেওঁ নাগালেণ্ডৰ ডিমাপুৰ জিলা ক্ৰীড়া ষ্টেডিয়ামত এক জনসভাত অংশগ্ৰহণ কৰিব।

তাৰপিচত, ১২.৪৫ বজাত গোলাঘাট জিলাৰ বোকাখাত স্প’ৰ্টছ কমপ্লেক্স খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'ব কংগ্ৰেছ সভাপতিগৰাকীয়ে।

বিয়লি ৩ বজাত উত্তৰ লখিমপুৰৰ চৰকাৰী উঃ মাঃ বিদ্যালয়ৰ খেলপথাৰত এক জনসভাত অংশগ্ৰহণ কৰিব ৰাহুলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।