জাগীৰোডঃ আজিৰ পৰা ৪৫ বছৰ আগতে স্থাপিত হোৱা কাহিকুঁছি অমৰজ্যোতি সংঘৰ দ্বাৰা প্ৰতিবছৰৰ দৰে এই বছৰো কাহিকুঁছি অমৰজ্যোতি সংঘৰ খেলপথাৰত চাৰিদিনীয়া কাৰ্য্যসূচীৰে সমাজত থকা খেলুৱৈ সকলৰ প্ৰতিভাক জাগ্ৰত কৰি ৰাজ্যিক, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উত্তৰণ ঘটোৱাৰ উদ্দেশ্যেৰে বিভিন্ন ধৰণৰ খেল ধেমালিৰ আয়োজন কৰে, ২২/৮/২০১৯ তাৰিখে কাহিকুঁছি আৰ্মি কেম্পৰ চুবেদাৰ ৰাজবিন্দৰ সিঙে সংঘৰ পতাকা উত্তোলন কৰি খেলৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে, খেল পৰিচালনাত সংঘৰ সভাপতি হবিবুৰ ৰহমান আৰু সম্পাদক ইদ্ৰিছ আলীয়ে জানিব দিয়া মতে বিগত ৪৫ বছৰ ধৰি ইয়াত প্ৰতিবছৰে খেলুৱৈ সকলক উৎসাহিত কৰিবৰ বাবে বিভিন্ন খেল প্ৰতিযোগিতাৰ আয়োজন কৰে আৰু বৰ্তমান এই খেলাটো কাহিকুঁছি গাৱৰ বাবে পৰম্পৰাগত খেলত পৰিণত হৈ পৰিছে, আজি ৰাতিপুৱা ৪ বজাত ক্ষেত্ৰীৰ পৰা কাহিকুঁছিলৈকে এক মাড়াথন দৌড় প্ৰতিযোগিতা আৰু আবেলি কাহিকুঁছি গট টেলেন্ট আৰু কুইজ, টেকেলি ভঙা, ভেশচন আদি প্ৰতিযোগিতা ৰে খেলৰ কাৰ্যসূচীৰ সামৰণি ঘোষণা কৰা হব বুলি সংঘৰ ফালৰ পৰা জনোৱা হৈছে।